এইবাৰ আবুধাবিৰ ইয়াছ দ্বীপত অনুষ্ঠিত হৈছে IIFA Awards 2022। যোৱা সন্ধিয়া বলিউদৰ সকলো চেলিব্ৰিয়ে নিজৰ ষ্টাইলিছ পোছাক পিন্ধি অনুষ্ঠানত উপস্থিত হয় আৰু সকলোৱে নিজৰ গ্লেমাৰাছ লুকেৰে অনুৰাগীৰ হৃদয় জয় কৰিবলৈ প্ৰয়াস কৰা দেখা যায়।
অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱা সকলো চেলিব্ৰিয়ে প্ৰথমে ফটোশ্বুটটো কৰি তাৰ পিছত সংবাদ মাধ্যমৰ সৈতে কথা বাৰ্তালাপ কৰে।
অভিনেত্ৰী ছাৰা আলী খানেও অনুষ্ঠানত উপস্থিত হৈ সংবাদ মাধ্যমৰ বহু প্ৰশ্নৰ উত্তৰ দিয়ে। কণ্ঠশিল্পী কে কে আৰু সিদ্ধু মুছেৱালাৰ মৃত্যুৰ সন্দৰ্ভতো ছাৰা আলী খান সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখে৷
লগতে পঢ়ক ব্যক্তিত্ব পৰীক্ষা : শুই থকাৰ কি অৱস্থাই ব্যক্তিত্বৰ কি বৈশিষ্ট্যবোৰ উন্মোচন কৰে?
অভিনেত্ৰীগৰাকীয়ে কয় যে দুয়োগৰাকী কিংবদন্তিৰ মৃত্যুৱে তেওঁক গভীৰ শোকস্তব্ধ কৰি তুলিছে৷ ছাৰাই দুয়োৰে পৰিয়াললৈ সমবেদনাও জ্ঞাপন কৰে।
ছাৰাই কয়, ‘‘বৰ হৃদয় বিদাৰক। বৰ কষ্টকৰ৷ ইয়াৰ বাহিৰে মই কি আৰু ক’ম? তেওঁলোকৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো।’’
ইপিনে শ্বাহিদ কাপুৰেও দুয়োগৰাকী শিল্পীৰ মৃত্যুক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শ্বাহিদে কয় ‘‘অত্যন্ত কষ্টকৰ। যোৱা ১-২ বছৰত বহু এনেকুৱা হৈছে৷ সম্পূৰ্ণ সুস্থ হৈ থকা মানুহবোৰ হঠাতে মৃত্যুমুখত পৰিছে। তেওঁলোকৰ গীতবোৰ আমি সকলোৱে শুনিছো। বহুত মিছ কৰিম৷’’
এই সন্দৰ্ভত অনন্যা পাণ্ডেয়ে কয়, ‘‘দুয়োজনেই আছিল মোৰ প্ৰিয় শিল্পী। তেওঁলোকৰ মৃত্যুৱে মোৰ হৃদয় ভাঙিছে৷’’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ