নাৰ্কটিকছ কণ্ট্ৰ’ল ব্যুৰো (এনচিবি) মুম্বাই জ’নেল ইউনিটে উগাণ্ডাৰ এগৰাকী মহিলাৰ শৰীৰৰ বিভিন্ন অংগ তথা অংশত লুকুৱাই অনা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে৷
এনচিবিৰ বিষয়াসকলে প্ৰকাশ কৰা মতে মহিলাগৰাকীৰ নিজৰ শৰীৰৰ ভিতৰত কেপচুলত কোকেইন আৰু হেৰ’ইনৰ দৰে ড্ৰাগছ লুকুৱাই ৰাখিছিল। বিষয়াসকলে তেওঁৰ শৰীৰৰ পৰা ৬৪ টা কেপচুল উদ্ধাৰ কৰে৷ উক্ত কেপচুলখিনিত ৫৩৫ গ্ৰাম হেৰ’ইন আৰু ১৭৫ গ্ৰাম কোকেইন আছিল যাৰ মূল্য আছিল ৩ কোটি টকা।
এক গোপন সূত্ৰৰ ভিত্তিত কাম কৰি এনচিবিয়ে ২৮ মে’ত উগাণ্ডাৰ পৰা মুম্বাইত অৱতৰণ কৰাৰ পিছত অভিযুক্ত মহিলাগৰাকীক আটক কৰে। মিড-ডে’ৰ বাতৰি অনুসৰি তেওঁৰ লাগেজত সন্দেহজনক একো পোৱা নগ’লেও ভালদৰে পৰীক্ষা কৰোতে তেওঁৰ শৰীৰৰ ভিতৰত নিষিদ্ধ সামগ্ৰী লুকুৱাই ৰখা ধৰা পৰে।
লগতে পঢ়ক একেলগে ৩ টা কন্যা সন্তান জন্ম দি গৰ্বিত কোন মাতৃ?
এজন তদন্তকাৰী বিষয়াৰ মতে, জেৰাৰ অন্তত মহিলাগৰাকীয়ে স্বীকাৰ কৰে যে বিভিন্ন ধৰণৰ আঠাযুক্ত টেপ সাৱধানে ব্যৱহাৰ কৰি তেওঁৰ শৰীৰত ১১ টা কেপচুল লুকুৱাই ৰখা হৈছে। প্ৰথমে মহিলাগৰাকীৰ শৰীৰৰ পৰা ১১০ গ্ৰাম হেৰ’ইন থকা কমেও ১০টা কেপচুল এৰুৱাই পেলোৱা হয়। ইয়াৰ পিছতে অধিক কেপচুল উদ্ধাৰৰ বাবে মহিলাগৰাকীক মুম্বাইৰ জে জে হাস্পতালত ভৰ্তি কৰা হয়।
‘‘যদিও একেদিনাই মহিলাগৰাকীৰ পৰা ১১০ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰা হৈছিল, মহিলাগৰাকীৰ শৰীৰত আৰু কোনো ড্ৰাগছ নাই নে নাই সেইটো পৰীক্ষা কৰিবলৈ যোৱা ২৮ মে’ৰ পৰা ২ জুনলৈকে সম্পূৰ্ণ পৰীক্ষাৰ বাবে মুম্বাইৰ জে জে হাস্পতালত ভৰ্তি কৰা হৈছিল৷ আৰু এই সময়ছোৱাত তেওঁৰ শৰীৰৰ ভিতৰত লুকুৱাই থোৱা ড্ৰাগছযুক্ত আন ৫৪টা কেপচুল উদ্ধাৰ কৰা হয়৷,” এনচিবিৰ বিষয়াগৰাকীয়ে কয়।
ড্ৰাগছৰ কেপচুলসমূহৰ মহিলাগৰাকীৰ শৰীৰৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়াৰ পিছত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ