সাধাৰণতে কোনো মাতৃয়ে যমজ সন্তান জন্ম দিয়াতো বিশেষ গুৰুত্বপূৰ্ণ কথা নহয়৷ কিন্তু এগৰাকী মাতৃয়ে একেলগে তিনিটা সন্তান জন্ম দিয়াটো সাধাৰণ কথা নহয়, ই বিশেষভাৱে গুৰুত্ব লাভ কৰিবলগীয়া কথাই৷
কাৰণ, সমীক্ষাৰ মতে প্ৰায় ২০০ মিলিয়ন অৰ্থাৎ ২০ কোটি মহিলাৰ মাজৰ এগৰাকী মহিলাই এনে কৃতিত্ব লাভ কৰিবলৈ সক্ষম হয়৷ সেয়ে ব্ৰিটেইনৰ এহাল দম্পতীয়ে একেলগে তিনিটা সন্তানৰ পিতৃ-মাতৃ হৈ আচৰিত হোৱাৰ লগতে নিজকে গৌৰৱান্বিত বুলি আখ্যা দিছে৷
ব্ৰিটেইনৰ নটিংহামৰ ২৮ বছৰীয়া জাহৰা আমিৰবাগীয়ে যোৱা বৰ্ষৰ ডিচেম্বৰ মাহত একেলগে তিনিটি কন্যা সন্তান জন্ম দিয়ে৷ প্ৰথমাৱস্থাত আচম্বিত হ’লেও ৰিয়া, আদিনা আৰু চেফিয়াক জন্ম দি অতি সুখী হোৱা জাহৰাই তেওঁৰ এই অনন্য অভিজ্ঞতাৰ কথা দ্য মিৰ’ৰত প্ৰকাশ কৰিছে৷
লগতে পঢ়ক কে কেৰ মৃত্যুৰ কাৰণ বাহিৰ! কি হৈ হঠাতে মৃত্যু হৈছিল শিল্পী কে কেৰ?
দ্য মিৰ’ৰত দিয়া এক সাক্ষাৎকাৰত তিনিটি কন্যা সন্তানৰ মাতৃ জাহৰাই কয় যে তেওঁৰ স্বামী আশ্ৰফ (২৯)এ তেওঁ গৰ্ভধাৰণ কৰাৰ ১২ সপ্তাহত কৰা স্কেনতে তেওঁলোকে একেলগে আগন্তুক তিনিটি কন্যা সন্তানৰ পিতৃ-মাতৃ হ’ব বুলি জানিব পাৰিছিল৷
সেই অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰি জাহৰাই কয়, ‘‘আমি স্কেনলৈ যোৱাৰ পথত ধেমালি কৰি আছিলো, ‘যমজ সন্তান হ’লে কল্পনা কৰাচোন!’ কিন্তু আশ্ৰফে কৈছিল যে সেয়া হ’বই নোৱাৰে৷’’ তেওঁলোকৰ দুয়োৰে পৰিয়ালত যমজ সন্তান আছে যদিও আশ্ৰফে কেতিয়া একেলগে তিনিটা সন্তান হ’ব পাৰে বুলি কল্পনাই কৰা নাছিল৷
‘‘ডাক্তৰে স্কেন আৰম্ভ কৰি ক’লে, ‘মই তোমাক কিবা এটা কওঁ, যিটো হয়তো শুনি আচৰিত হ’ব পাৰা’৷ লগে লগে মোৰ মনটো বেয়া লাগি গ’ল, মই ভাবি আছিলো হয়তো গৰ্ভস্থ সন্তানৰ হৃদস্পন্দন নাই বা তেনেকুৱা কিবা ক’ব! কিন্তু যেতিয়া তাই আমাক ক’লে যে ই ট্ৰিপলেট, আমি বিশ্বাস কৰিব পৰা নাছিলো!’’ মিৰ’ৰ আগত নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি জাহৰাই কয়৷
লগতে পঢ়ক অত্যধিক কীটনাশক ব্যৱহাৰ! বহু দেশে উভতাই দিছে ভাৰতৰ চাহ!
জাহৰাই পুনৰ কয়, ‘‘এনে এটা শ্বক আছিল… ই আমাৰ মনটো উৰুৱাই নিলে। আমি দুয়ো মাত্ৰ হাঁহিছিলো আৰু কান্দিছিলো, আৰু তাৰ পিছত যেতিয়া তাই আমাক স্কেনত দেখুৱাবলৈ চেষ্টা কৰি আছিল মই দেখা নাপালো, কাৰণ মোৰ গৰ্ভস্থ সন্তান তিনিটিয়েও হাঁহি হাঁহি পেটৰ ভিতৰত লৰচৰ কৰি আছিল।’’
‘‘চিকিৎসকে প্ৰথমে ভাবিছিল যে দুটা ল’ৰা আৰু এগৰাকী কন্যা সন্তান হ’ব৷ কিন্তু ১৭ টা স্কেনৰ পিছত তেওঁলোক নিশ্চিত হয় যে তিনিওটি সন্তানে কন্যাই হয়৷’’ জাহৰাই কয়৷
‘‘যেতিয়া সিহঁতৰ জন্ম হৈছিল সিহঁতৰ দেখাত ইমান মিল আছিল, গতিকে আমি এটা পৰীক্ষা কৰিলোঁ আৰু দেখা গ’ল সিহঁত সকলো একে।’’ অতি সুখেৰে জাহৰাই আৰু কয়৷
তিনিটা কন্যা সন্তান জন্ম দি জাহৰাই অতি সুখী বুলি উল্লেখ কৰি লগতে কয় যে সন্তান জন্ম দিয়া দিনটো তেওঁৰ জীৱনৰ আটাইতকৈ সুখৰ তথা ভাল দিন আছিল৷
উল্লেখ্য যে জাহৰা আৰু আশ্ৰফে ২০ কোটি মানুহৰ ভিতৰত একেলগে তিনিটা সন্তান জন্ম দি অতি সুখী বুলিও প্ৰকাশ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ