গ্ৰহৰ মাজত সকলোতকৈ ধীৰ গতিশীল গ্ৰহ হৈছে শনি৷ প্ৰতি আঢ়ৈ বছৰৰ মূৰে মূৰে শনিয়ে ৰাশি পৰিবৰ্তন কৰে৷ মাৰ্চত নিজৰ মূল ৰাশি এৰি শনিয়ে বৃহস্পতিৰ ৰাশি মীনত প্ৰৱেশ কৰিব৷ আঢ়ৈ বছৰ এই ৰাশিত থকাৰ পাছত মেষ ৰাশিত উপস্থিত হব শনি৷ ইয়াৰ মাজত আগন্তুক ১৩ জুলাইৰ পুৱা ৯ বাজি ৩৬ মিনিটত শনি বক্ৰী হব৷ আৰু শনিৰ এই উলোটা গতিত যাত্ৰাই ৩ৰাশিৰ জীৱনত ডাঙৰ প্ৰভাৱ পৰিব৷ ভাগ্যৰ চকা ঘূৰিব কাৰ কাৰ জীৱনত?
বৃষ ৰাশি
শনিৰ গোচৰত বৃষ ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খুলিব৷ পৰিয়ালৰ কোনো সমস্যা থাকিলে শীঘ্ৰেই সেয়া দূৰ হব৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷ ঋণৰ বোজা কমিব৷ যি কোনো কামত সাফল্যৰ যোগ আছে৷ আয়ৰ নতুন পথ বিচাৰি পাব৷ সন্তানৰ সৈতে সম্পৰ্কৰ উন্নতি হব৷
কৰ্কট ৰাশি
শনিৰ বক্ৰীত কৰ্কট ৰাশিৰ জাতক জাতিকাৰ উন্নতি হব৷ হঠাৎ অৰ্থভাগ্য সলনি হব পাৰে৷ লটাৰী জয়ী কৰাৰ যোগ আছে৷ আৰ্থিক দিশৰ পৰা জীৱন আৰু সুৰক্ষিত হব পাৰে৷ বহু দিন ধৰি কোনো কাম ৰৈ থাকিলে এইবাৰ শেষ হব৷ স্বাস্থ্যৰ উন্নতি হব৷
মীন ৰাশি
শনিৰ প্ৰভাৱত কঁপাল খুলিব মীন ৰাশিৰ৷ ব্যৱসায়ত ডাঙৰ চুক্তি কৰিব যাৰ পৰা ভৱিষ্যতে লাভ হব৷ নতুন চাকৰি পোৱাৰ সম্ভাৱনা আছে৷ পেছাগত জীৱনৰ মানসিক চাপ দূৰ হব৷ প্ৰিয়জনৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷ সন্তানৰ পৰা সুখবৰ পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ