এই বছৰ শনিয়ে নিজৰ মূল ত্ৰিকোণ ৰাশি কুম্ভত ভ্ৰমণ কৰিছে। এই ৰাশিৰ ওপৰিও পূৰ্বাভাদ্ৰাপদ নক্ষত্ৰ অৱস্থান কৰিছে এই গ্ৰহই। আগন্তুক ৩ অক্টোবৰ পৰ্যন্ত এই নক্ষত্ৰত কৰ্মফলদাতা শনিৰ গোচৰ হব। কিন্তু ৩ অক্টোবৰ পৰ্যন্ত পূৰ্বাভাদ্ৰপদ নক্ষত্ৰৰ বিভিন্ন পৰ্যায়ত শনিয়ে বিচৰণ কৰিব। এই সময়ত এই নক্ষত্ৰৰ দ্বিতীয় পৰ্যায়ত শনিয়ে অৱস্থান কৰিছে। আগন্তুক ১৮ আগষ্ট পৰ্যন্ত দ্বিতীয় পৰ্যায়ত শনিয়ে ভ্ৰমণ কৰি তিনি ৰাশিৰ জাতকে সাফল্যৰ চূড়াত অৱস্থান কৰিব। কোন কোন ৰাশিৰ জাতক এই সময়ত লাভৱান হব জানি থওক সবিশেষ।
মেষ ৰাশি
পূৰ্বাভাদ্ৰপদ নক্ষত্ৰৰ দ্বিতীয় পদত শনিৰ প্ৰৱেশ লাভজনক প্ৰমাণিত হব। অৰ্থাভাৱৰ পৰা মুক্তি পাব। পৈতৃক সম্পত্তি লাভৰ সম্ভাৱনা আছে। আয়ৰ নতুন উৎস মুকলি হব। সমাজত মান সন্মান বৃদ্ধি পাব। দীৰ্ঘদিন ধৰি ৰৈ থকা ধন উভতাই পাব। চাকৰিয়াল জাতকো লাভাম্বিত হব। ধন বাঢ়িব। বাহন, সম্পত্তি ক্ৰয় কৰাৰ পৰিকল্পনা থাকিলে সফল হব। দাম্পত্য জীৱনলৈ আনন্দৰ আগমন হব। সন্তানৰ তৰফৰ পৰা সু সংবাদ লাভ কৰিব।
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতকৰ বাবে এই সময় অনুকূল। দীৰ্ঘদিন ধৰি পাবলগীয়া কোনো ধন লাভ কৰিব। আইনী গোচৰত সমাধান পাব। ইয়াৰোপৰি পুৰণি কোনো বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ লাভ কৰিব।
কুম্ভ ৰাশি
পূৰ্বাভাদ্ৰপদ নক্ষত্ৰৰ দ্বিতীয় পৰ্যায়ত শনিৰ বিচৰণ কুম্ভৰ জাতকৰ বাবে লাভজনক প্ৰমাণিত হব। আয় বৃদ্ধি পাব কুম্ভ ৰাশিৰ জাতকৰ। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পন্ন হব। শাৰীৰিক আৰু মানসিক সমস্যাৰ পৰা মুক্তি পাব। কৰ্মক্ষেত্ৰত সকলোৰে প্ৰশংসা পাব। সহকৰ্মীসকলৰ কোনো কথা আপুনি সহ্য কৰিব নোৱাৰিব পাৰে। সতৰ্ক থাকক। সহজেই সকলো চেলেঞ্জৰ মোকাবিলা কৰিব পাৰে। পৰিয়ালৰ সৈতে ভাল সময় কটাব। কোনো ব্যৱসায়ত পৰিশ্ৰম কৰিলে লাভ পাব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ