বিগত তিনি চাৰি দিন ধৰি ক্ৰিকেট তাৰকা হাৰ্দিক পাণ্ডিয়া নাতাশা ষ্টানকোভিচৰ বিচ্ছেদক লৈ জল্পনা আৰম্ভ কৰিছে৷ অৱশ্যে বিষয়টোক লৈ সামাজিক মাধ্যমত কোনো পোষ্ট কৰা নাই হাৰ্দিক পাণ্ডিয়া অথৱা নাতাশাইয়ো৷ বিবাহৰ পাছৰে পৰা ইনষ্টাগ্ৰামত নিজৰ নামৰ পাছত পাণ্ডিয়া উপাধি ব্যৱহাৰ কৰিছিল নাতাশাই৷
সম্প্ৰতি সেই টাইটেল উঠাই লৈছে নাতাশাই৷ তাৰ পাছতেই আৰম্ভ হৈছে জল্পনা৷ কিয় নাতাশাই স্বামীৰ উপাধি উঠাই ল’লে৷ এয়াই ডিভোৰ্ছৰ ইংগিত নেকি? এইসমূহ চৰ্চা চলি থকাৰ মাজতেই মুম্বাইৰ ৰাস্তাত নাতাশাক দেখা গৈছে এগৰাকী বিদেশী বন্ধুৰ সৈতে৷ হাৰ্দিকৰ কথা সাংবাদিকে সুধোতে তেওঁ কেৱল ধন্যবাদ দি আঁতৰি যায়৷ কিন্তু ক্ৰিকেট তাৰকাৰ সৈতে সম্পৰ্ক থকাৰ সময়ত অভিনেত্ৰীগৰাকীয়ে তেওঁৰ প্ৰাক্তনৰ সৈতে সময় কটাই থকা বুলিও একাংশই প্ৰচাৰ কৰিছে৷
২০২০ চনৰ ৩১ মে’ত বৰ্তমানৰ ভাৰতীয় ক্ৰিকেট দলৰ সহঅধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ সৈতে ছাৰ্বিয়ান মডেল আৰু নৃত্যশিল্পী নাতাশা বিবাহপাশত আৱদ্ধ হৈছিল৷ তেওঁলোকৰ সম্পৰ্ক ২০১৮ চনৰ পৰা৷ হাৰ্দিকৰ সৈতে সম্পৰ্কত থাকোতেও নাতাশাৰ সম্পৰ্ক আছিল আলি গণিৰ সৈতেও৷ তেওঁলোকৰ সম্পৰ্ক পূৰ্বেও দুবাৰ ভাঙিছে৷ আকৌ জোৰাও লাগিছে৷ এক দীঘলীয়া সময় ধৰি দুয়োৰে মাজত সম্পৰ্ক আছিল৷
২০২০চনত সমুদ্ৰৰ মাজত আঙঠি পিন্ধাই প্ৰেম নিবেদন কৰিছিল হাৰ্দিকে৷ সেই ছবি খুবেই ভাইৰেলো হৈছিল সামাজিক মাধ্যমত৷ বিবাহৰ ৪ বছৰ সম্পূৰ্ণ হৈছে৷ চাৰি বছৰীয়া সুখৰ সংসাৰত হঠৎ কিয় ছন্দপতন ঘটিল সেই কথা কোনোৱে স্পষ্টকৈ এতিয়াও প্ৰকাশ কৰা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ