বৈদিক কেলেণ্ডাৰ অনুসৰি, বছৰৰ শেষত অৱস্থান সলনি কৰিছে শনিদেৱে৷ ১৩৮ দিন পাছত ২৮ নৱেম্বৰৰ পুৱা ৯ বাজি ২০ মিনিটত অৱস্থান সলনি কৰিব শনিয়ে৷ প্ৰত্যক্ষ গতিৰ ফলত ভাগ্য সলনি হ’ব ৪ ৰাশিৰ জাতক জাতিকাৰ৷ তেওঁলোকে জীৱনত উন্নতি কৰিব৷ কেৰিয়াৰত সাফল্য আহিব৷ শনিদেৱ হৈছে কৰ্মফলদাতা৷ কৰ্ম অনুসৰি ফল দিয়ে৷ ফলত পৰিশ্ৰম কৰিলেই ভাগ্য ঘূৰিব৷
মকৰ ৰাশি
শনিৰ প্ৰত্যক্ষ গতি আপোনাৰ বাবে শুভ হব৷ সাহস বাঢ়িব৷ দীৰ্ঘস্থায়ী কামসমূহ সম্পন্ন হ’ব৷ কামত সাফল্য আহিব৷ আপোনাৰ ভায়েক ভনীয়েকৰ সৈতে সু সম্পৰ্ক গঢ়ি উঠিব৷ নতুন চাকৰিৰ প্ৰস্তাৱ আহিব পাৰে৷ ব্যৱসায়ত নতুন চুক্তি কৰিব৷ এই সময়ত বিনিয়োগৰ পৰা লাভৱান হ’ব৷
মিথুন ৰাশি
শনিৰ চিধাপথৰ যাত্ৰাই আপোনাক ইতিবাচক ফল দিব৷ শনিৰ বাবে আপোনাৰ চাকৰি আৰু ব্যৱসায় লাভজনক হ’ব৷ এই সময়ত আপোনাৰ চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতি হ’ব পাৰে৷ ব্যৱসায়ীয়ে তেওঁলোকৰ সিদ্ধান্তত সন্তুষ্ট থাকিব৷ দৃঢ়তাৰ সৈতে প্ৰতিটো চেলেঞ্জ মোকাবিলা কৰিব৷ পেছাগত জীৱনত স্থিতিশীলতা আৰু অগ্ৰগতি আহিব৷ নতুন ব্যৱসায় আৰম্ভ কৰিব খুজিলে এই সময় ভাল৷ নেতৃত্বৰ সুযোগ পাব পাৰে৷ আপোনাৰ পিতৃৰ সৈতে সম্পৰ্ক ভালে থাকিব৷
তুলা ৰাশি
শনিৰ প্ৰত্যক্ষ গতি তুলা ৰাশিৰ জাতক আৰু জাতিকাৰ বাবে অনুকূল হ’ব পাৰে৷ শনি আপোনাৰ শুভ অৱস্থানত থাকিব৷ এই সময়ত আপুনি মামলা মোকৰ্দমাত জয়লাভ কৰিব পাৰে৷ শত্ৰুক পৰাজিত কৰিব পাৰে৷ এই সময়ত আপুনি বাহন বা সম্পত্তি কিনিব পাৰে৷ আপুনি সু সংবাদো পাব পাৰে৷ দীৰ্ঘস্থায়ী অসুস্থতাৰ পৰাও মুক্তি পাব পাৰে৷ আপোনাৰ কপাল খুলিব৷
মীন ৰাশি
এই সময়ত ভাগ্য আপোনাৰ পক্ষত থাকিব৷ ৰৈ থকা কাম সমাপ্ত হ’ব৷ বিনিয়োগৰ সুযোগ পাব পাৰে৷ আপোনাৰ আৰ্থিক পৰিস্থিতি শক্তিশালী হ’ব৷ আপুনি বাহন ক্ৰয় কৰিব পাৰে৷ আপোনাৰ পত্নীৰ সৈতে সম্পৰ্ক ভালে থাকিব৷ আপুনি কেৰিয়াৰত উন্নতি কৰিব পাৰে৷ নতুন সুযোগ পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















