বিশ্বজুৰি পুৰুষৰ উৰ্বৰতাক লৈ উদ্বেগৰ মাজতেই আশাৰ খবৰ দিছে নতুন এক ভাৰতীয় গৱেষণাই৷ য’ত বহু দেশত পুৰুষৰ শুক্ৰাণুৰ গুণমান ক্ৰমশ কমি যোৱাৰ প্ৰৱণতা দেখা গৈছে তাতেই দক্ষিণ ভাৰতীয় পুৰুষৰ ক্ষেত্ৰত ছবি একেবাৰেই পৃথক৷ মণিপালৰ কস্তুৰবা মেডিকেল কলেজৰ গৱেষকে সাম্প্ৰতিক এক বিশ্লেষণত দেখুৱাইছে যে বিগত ১৭ বছৰত দক্ষিণ ভাৰতৰ পুৰুষৰ শুক্ৰাণুৰ গুণমানত কোনো উল্লেখযোগ্য অবনতি হোৱা নাই৷ এই গৱেষণাৰ ফলাফল প্ৰকাশিত হৈছে আন্তৰ্জাতিক জাৰ্নেল ‘American Journal of Men’s Health’ত৷
বিগত কেইবাবছৰত ইউৰোপ, আমেৰিকা আৰু এছিয়াৰ বিভিন্ন দেশত পুৰুষৰ শুক্ৰাণুৰ সংখ্যা আৰু গুণমান হ্ৰাস পাইছে বুলি একাধিক গৱেষণাত পোৱা গৈছে৷ ইয়াৰ ফলত বহু পুৰুষেই পিতৃ হোৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীনো হৈছে৷ শুক্ৰাণুৰ মান বেয়া হলে নাৰীৰ গৰ্ভধাৰণত অসুবিধা হয়৷ আই ভি এফো ব্যৰ্থ হোৱাৰ আশংকা বাঢ়ে৷ দীৰ্ঘম্যাদি বন্ধ্যাত্বৰো আশংকা বাঢ়ি যায়৷ বিশ্বজুৰি এই প্ৰৱণতা গ্লোবেল স্পাৰ্ম ক্ৰাইচিছ নামেৰে আলোচিত হৈছে৷ কিন্তু দক্ষিণ ভাৰতত ফলাফল ওলোটা৷ কস্তুৰবা মেডিকেল কলেজৰ গৱেষকে ২০০৬ চনৰ পৰা ২০২২ চন পৰ্যন্ত ১২০০০ ৰো বেছি পুৰুষৰ শুক্ৰাণুৰ নমুনা বিশ্লেষণ কৰিছে৷ তেওঁলোকে শুক্ৰাণুৰ সংখ্যা, গতি, জীৱন্ততাৰ হাৰ আৰু গঠন এই চাৰিটা বিষয় পৰ্যবেক্ষণ কৰে৷ এই ফলাফলে কৈছে যে এই সময়কালত দক্ষিণ ভাৰতীয় পুৰুষৰ শুক্ৰাণুৰ মান কোনো ধৰণৰ পৰিবৰ্তন হোৱা নাই৷ অৰ্থাৎ বিশ্বব্যাপী শুক্ৰাণুৰ মান কমিলেও ভাৰতৰ দক্ষিণাঞ্চলত পুৰুষৰ উৰ্বৰতা এতিয়াও স্থিতিশীল আৰু স্বাভাৱিক৷
গৱেষকৰ মত
গৱেষণাৰ প্ৰধান লেখক ডঃ সতীশ আদিগাই কৈছে, এই ফলাফলে প্ৰমাণ কৰে যে দক্ষিণ ভাৰতীয় পুৰুষৰ শুক্ৰাণুৰ মান বিগত ১৭ বছৰ অপৰিবৰ্তিত আছে৷ যদিও পুৰুষ বন্ধ্যাত্ব বাঢ়িছে সেয়া কিন্তু অন্য কাৰণেও হব পাৰে৷ যেনে জীৱনযাত্ৰা, মানসিক চাপ বা খাদ্যভাষ৷ জাৰ্মান সহগৱেষক ষ্টোফেন শ্লাটে কয়, ‘এই গৱেষণাই বিশ্বজুৰি শুক্ৰাণু সংকটৰ ধাৰণাক প্ৰশ্নৰ মুখলৈ ঠেলি দিছে৷ পুৰুষৰ উৰ্বৰতা বুজাৰ বাবে আঞ্চলিক তথ্য বিশ্লেষণ কৰা অত্যন্ত গুৰুত্বপূৰ্ণ৷’
কিয় এই গৱেষণা গুৰুত্বপূৰ্ণ?
এই গৱেষণা কেৱল ভাৰতৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ উৰ্বৰতা গৱেষণাৰ ক্ষেত্ৰতো তাৎপৰ্যপূৰ্ণ৷ য’ত পৰিবেশ দূষণ, ষ্ট্ৰেছ আৰু অস্বাস্থ্যকৰ জীৱনযাপনক শুক্ৰাণুৰ মান হ্ৰাসৰ বাবে দায়ী কৰা হৈছে৷ তাতেই দক্ষিণ ভাৰতত স্থিতিশীল ফলাফলে ভৱিষ্যতৰ বাবে আশাৰ কিৰণো আনিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















