আগন্তুক সোমবাৰ ২৭ অক্টোবৰৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হৈছে সেই সপ্তাহৰ আৰম্ভণিতে সোমবাৰ আৰু মঙলবাৰে পালিত হ’ব ছট পূজা৷ ইয়াৰোপৰি এই সপ্তাহতেই পালিত হ’ব জগদ্ধাত্ৰী পূজা৷ আগন্তুক ৩১ অক্টোবৰ শুকুৰবাৰে পালিত হ’ব জগদ্ধাত্ৰী পূজাৰ নৱমী৷ ইয়াৰ সৈতে হংস ৰাজযোগৰ প্ৰভাৱ থাকিব আগন্তুক সপ্তাহত৷ হংস ৰাজযোগৰ প্ৰভাৱত উন্নতিৰ এটাৰ পাছত আন এক সুযোগ পাব কেইটামান ৰাশিৰ জাতকে৷ জানি থওক ২৭ অক্টোবৰৰ পৰা ২ নৱেম্বৰৰ মাজত আগন্তুক সপ্তাহত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?
বৃষ ৰাশি
আগন্তুক সপ্তাহত নানান দিশৰ পৰা সৌভাগ্য লাভ কৰিব বৃষ ৰাশিৰ জাতকে৷ সপ্তাহৰ আৰম্ভণিতেই আপুনি কেৰিয়াৰত ডাঙৰ উন্নতি কৰাৰ সুযোগ পাব৷ সমাজৰ প্রভাৱশালী ব্যক্তিৰ সংস্পৰ্শত আহিব৷ অফিচত নিজৰ কামৰ বাবে ঊৰ্ধতন কৰ্তৃপক্ষৰ সুনজৰত আহিব৷
কৰ্কট ৰাশি
২৭ অক্টোবৰৰ পৰা ২ নৱেম্বৰৰ মাজত এই সপ্তাহত নতুন চাকৰি পাব পাৰে কৰ্কট ৰাশিৰ জাতকে৷ অফিচত পদোন্নতি পাব পাৰে বা পছন্দৰ স্থানলৈ বদলিও হব পাৰে৷ চৰকাৰী কামত কোনো বাধা থাকিলে এইবাৰ দূৰ হব৷
সিংহ ৰাশি
অক্টোবৰৰ শেষ সপ্তাহ নানান দিশৰ পৰা লাভজনক হ’ব সিংহ ৰাশিৰ জাতকৰ বাবে৷ সপ্তাহৰ আৰম্ভণিতেই আপুনি কোনো দীৰ্ঘ বা স্বল্প দূৰত্বৰ যাত্ৰা কৰিব পাৰে৷ এই যাত্ৰা আপোনাৰ কেৰিয়াৰৰ বাবে লাভজনক হব৷ আগন্তুক সপ্তাহত সিংহ ৰাশিৰ জাতকৰ মনৰ ইচ্ছা পূৰণ হব৷
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতকে হংস ৰাজযোগৰ প্ৰভাৱত আগন্তুক সপ্তাহ লাভজনক হব৷ কেৰিয়াৰ সংক্ৰান্তিয় আপোনাৰ সকলো সমস্যাৰ সমাধান বিচাৰি পাব৷ কোনো প্ৰভাৱশালী ব্যক্তিয়ে আপোনাক সহায় কৰিবলৈ আগুৱাই আহিব৷ ৰৈ থকা অৰ্থ এই সময়ত উভতাই পাব৷ সুখবৰ পাব পাৰে৷
বৃশ্চিক ৰাশি
আগন্তুক সপ্তাহত বৃশ্চিক ৰাশিৰ জাতকৰ জীৱনত সৌভাগ্যৰ দুৱাৰ খুলিব৷ সপ্তাহৰ আৰম্ভণিতেই চৰকাৰী প্ৰকল্পৰ পৰা লাভৱান হব৷ চৰকাৰী কাম ৰৈ থাকিলে এই সময়ত সম্পূৰ্ণ হব৷ অফিচত আপোনাৰ শত্ৰু পৰাজিত হব৷ বুদ্ধি আৰু কৰ্মদক্ষতাৰে আপুনি প্ৰতিযোগীক হৰুৱাব পাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















