ডুবাইত ভয়ংকৰ দুৰ্ঘটনা, ১৫ নিহত, ইয়াৰে ৯গৰাকী ভাৰতীয়
ছৌদি আৰৱত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত ১৫ গৰাকীকৈ লোকৰ মৃত্যু ঘটে। ইয়াৰে ৯ গৰাকী ভাৰতীয় লোক বুলি জানিব পৰা গৈছে। জেদ্দাত থকা ভাৰতীয় মিছনে এই সন্দৰ্ভত তথ্য সদৰি কৰিছে।
পশ্চিম চৌদি আৰৱৰ জিজানৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিব পৰা গৈছে বুলি মিছনটোৱে জানিবলৈ দিয়ে।
দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা লোক সকলৰ ভিতৰত ৯ গৰাকী ভাৰতৰ, ৩গৰাকী নেপালৰ আৰু ৩ গৰাকী ঘানাৰ লোক আছিল বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি জুবাইলত চলি থকা এচিআইচি চাৰ্ভিচেছ কোম্পানীৰ জিজান আৰামকো প্ৰজেক্টৰ ২৬ জন কৰ্মচাৰী কঢ়িয়াই অনা এখন বাহন দুৰ্ঘটনাত পৰিছিল। সেই ২৬ গৰাকী লোকৰেই ১৫ গৰাকীয়ে ঘটনাস্থলীতে প্ৰাণ হেৰুৱায়। আনহাতে ১১ জন গুৰুতৰভাৱে আহত লোকক জিজান আৰু আবাহা চিকিৎসালয়ৰ ইনটেনচিভ কেয়াৰ ইউনিটত(আই চি ইউ) চিকিৎসাধীন হৈ আছে।
ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰেও এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। এক্স হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ জেদ্দাত থকা ভাৰতীয় কনছুল জেনেৰেলৰ সৈতে কথা পাতিছে, যিজন সংশ্লিষ্ট পৰিয়ালসমূহৰ সৈতে যোগাযোগত আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ