প্ৰতিমাহে চেষ্টা কৰিছে যদিও ধন ছেভিংছ কৰিব পৰা নাই৷ তেন্তে আপোনাৰ বাবে আছে দুৰ্দান্ত এক খবৰ৷ পোষ্ট অফিচৰ ছেভিংছ একাউণ্ট খুলি আপোনাৰ সমস্যাৰ সমাধান কৰিব পাৰে৷ বেংকৰ দৰে পোষ্ট অফিচতো বিভিন্ন আকৰ্ষণীয় ছেভিংছ স্কিম আছে৷ এতিয়া মাত্ৰ ৫০০ টকা দি আপুনি ছেভিংছ একাউণ্ট খুলিব পাৰিব৷ বৰ্তমান পোষ্ট অফিচৰ ছেভিংছ একাউণ্টত ৪শতাংশকৈ সুদ দিয়া হৈছে, অন্যান্য একাধিক বেংকৰ সুদৰ হাৰতকৈ এই সুদ বহু পৰিমাণে বেছি৷
ষ্টেট বেংকৰ ছেভিংছ একাউণ্টত ২.৭০শতাংশ, পিএনবিত ২.৭০ শতাংশ, বেংক অৱ বৰোদাত ২.৯০শতাংশ, এইছ ডি এফ চিত ৩ৰ পৰা ৩.৫০শতাংশ আৰু আই চি আই চি আইত ৩ৰ পৰা ৩.৫০শতাংশ সুদ পোৱা গৈছে৷ পোষ্ট অফিচ ছেভিংছ একাউণ্টত আপুনি অন্যান্য বেংকৰ দৰেই সমস্ত সুবিধা পাব৷ ইয়াত চেকবুক, এটিএম কাৰ্ড, ই বেংকিং, মোবাইল বেংকিং পৰিসেৱাৰ সুবিধা পোৱা যায়৷
লেনদেনৰ বাবে আধাৰ লিংক কৰাৰো সুবিধা পোৱা যাব৷ পোষ্ট অফিচ ছেভিংছ একাউণ্টৰ মাধ্যমেৰে আপুনি একাধিক চৰকাৰী প্ৰকল্পৰ সুবিধাও লব পাৰে৷ ইয়াৰ মাজত আছে অটল পেঞ্চন যোজনা, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ দৰে প্ৰকল্পসমূহ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ