ষ্টেট বেংক অফ ইণ্ডিয়াত একাউণ্ট আছে? তেন্তে এইবাৰ মোটা অংকৰ লেনদেন কৰাৰ পূৰ্বে সাৱধান হওক আপুনি৷ কাৰণ আগন্তুক ১৫ ফেব্ৰুৱাৰীৰ পৰা IMPS বা ইমিডিয়েট পেমেণ্ট চাৰ্ভিছৰ খৰচ বঢ়াব দেশৰ বৃহত্তম এই চৰকাৰী বেংকে৷ ইমানদিনে নেট বেংকিং বা YONO এপৰ মাধ্যমেৰে বৃহৎ অংকৰ লেনদেনৰ যি সুবিধা বিনামূলীয়াকৈ পাইছিল এইবাৰ সেইসমূহ সুবিধা পাবলৈ দিব লাগিব ধন৷
বেংকৰ সূত্ৰৰ খবৰ অনুসৰি ইয়োনো এপ বা ইণ্টাৰনেট বেংকিঙৰ মাধ্যমেৰে ২৫ হাজাৰ টকাতকৈ বেছি লেনদেন কৰিলেই দিব লাগিব চাৰ্ভিছ চাৰ্জ৷ অৱশ্যে স্বস্তিৰ খবৰ এয়াই যে ২৫ হাজাৰ টকাৰ তলৰ লেনদেনত এই ধন দিব নালাগে৷ ২৫ হাজাৰৰ পৰা ১ লাখ টকা পৰ্যন্ত লেনদেনত ২ টকাৰ লগতে জিএছটি যোগ হব৷ ১ লাখ টকাৰ পৰা ২ লাখ টকাৰ ক্ষেত্ৰত এই চাৰ্জ হব ৬ টকা প্লাছ জি এছ টি৷ আকৌ ২ লাখৰ পৰা ৫ লাখ টকা পৰ্যন্ত ডিজিটেল লেনদেন কৰিলে দিব লাগিব ১০ টকা প্লাছ জি এছ টি৷ অৰ্থাৎ ঘৰত বহি অনলাইনত বৃহৎ অংকৰ ধন পঠিয়াবলৈ এতিয়াৰে পৰা এছ বি আই ৰ গ্ৰাহকে ভৰিব লাগিব কিছু ধন৷
শাখা বা ব্ৰাঞ্চত লেনদেনৰ খৰচ
বেংকৰ শাখালৈ গৈ আই এম পি এছ কৰিলেও খৰচৰ মাত্ৰা আৰু বেছি৷ তাতেই ১ হাজাৰ টকা পৰ্যন্ত লেনদেন বিনামূলীয়া হলেও তাৰ ওপৰতেই আৰম্ভ হব মাছুল৷ ১ হাজাৰৰ পৰা ১ লাখৰ লেনদেনত ৪ টকা জি এছ টি দিব লাগে৷ ১ লাখৰ পৰা ২ লাখৰ ক্ষেত্ৰত চাৰ্জ ১২ টকা৷ আৰু ২ লাখৰ পৰা ৫ লাখ টকাৰ বিশাল অংকত লেনদেন ২০ টকা আৰু জি এছ টি ধাৰ্য কৰা হৈছে৷
ব্যতিক্ৰমী কোন কোন?
এই নতুন নিয়মৰ পৰা বাহিৰত ৰখা হৈছে নিৰ্দিষ্ট কিছু ছেলাৰি একাউণ্টক৷ DSP, PMSP, CGSP ছেলাৰি একাউণ্ট যাৰ আছে তেওঁলোকে আই এম পি এছ চাৰ্জ দিব নালাগে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















