কাইলৈ শিক্ষানুষ্ঠান বন্ধ ৰখাৰ ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ, ৰেমাল ঘূৰ্ণীৰ বাবেই এই সিদ্ধান্ত
কাইলৈ ২৯ মে’ তাৰিখ বুধবাৰে অসমৰ শিক্ষনুষ্ঠান বন্ধ ৰখাৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ইতিমধ্যে গুৱাহাটীকে ধৰি কেইবাখনো জিলাত বন্ধ ঘোষণা কৰা হৈছে। ৰেমাল ঘূৰ্ণীবতাহৰ বাবেই এই নিৰ্দেশনা।
আজি ২৮ মে’ তাৰিখ মঙলবাৰেও কেইবাখনো জিলাৰ শিক্ষানুষ্ঠান বন্ধৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল। প্ৰতিকুল বতৰৰ বাবেই এই নিৰ্দেশনা জাৰি কৰা হৈছিল। কালি নিশাৰে পৰা অহা ধুমুহা বৰষুণৰ বাবেই ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাজনিত কাৰণত শিক্ষনুষ্ঠান বন্ধ ৰাখিবলৈ আহ্বান জনোৱা হৈছিল।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম এক্স (টুইটাৰ) যোগে সদৰি কৰে ঘোষণা। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰা বতৰৰ বতৰাৰ ওপৰতে এই নিৰ্দেশনা জাৰি। ৰাজ্যৰ যি কেইখন জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে সেই কেইখন জিলাৰ শিক্ষানুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ।
জাৰি কৰা জাননি অনুসৰি- নগাঁও, হোজাই, কাৰ্বি আংলং, গোলাঘাট, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ জিলাৰ সকলো শিক্ষনুষ্ঠান কাইলৈ ২৯ মে’ তাৰিখে বন্ধ থাকিব।
ইয়াৰ বাহিৰে আজিতেই জিলা প্ৰশাসনৰ ফালৰ পৰা বন্ধ ঘোষণা কৰা অন্য ঠাই হৈছে- গুৱাহাটী মহানগৰী, নদীদ্বীপ মাজুলী আদি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















