বিদ্যালয় অহাত পলম হোৱাৰ বাবেই শিক্ষয়ত্ৰীক প্ৰহাৰ প্ৰধান শিক্ষয়ত্ৰীৰ, ভিডিঅ’ ভাইৰেল হৈ পৰিল চাৰিওফালে
এক চাঞ্চ্যলকৰ ভিডিঅ’ বৰ্তমানে সামাজাকি মাধ্যমত ভাইৰেল হৈ পৰিছে। এগৰাকী প্ৰধান শিক্ষয়ত্ৰীয়ে প্ৰহাৰ কৰিলে এগৰাকী শিক্ষয়ত্ৰীক। বিদ্যালয় অহাত পলম হোৱাৰ বাবেই অন্য লোকৰ সমুখতেই প্ৰহাৰ কৰি দিয়ে শিক্ষয়ত্ৰী এগৰাকীক।
এই ঘটনা উত্তৰ প্ৰদেশৰ। কিছু দিন পূৰ্বে এগৰাকী শিক্ষয়ত্ৰীয়ে বিদ্যালয়ৰ ভিতৰত ফেচিয়েল কৰি থকাৰ সময়তে ধৰা পৰাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত এইবাৰ মাৰপিটৰ ঘটনা। কাপোৰ পৰ্যন্ত ফালি যায় এইবাৰৰ মাৰপিটৰ ঘটনাত।
ৰাজ্যখনৰ আগ্ৰাৰ এখন মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়ত্ৰীয়ে পলমকৈ উপস্থিত হৈছিল বিদ্যালয়ত। যাৰ বাবে ক্ৰোধত কব নোৱাৰা হৈ প্ৰধানশিক্ষয়ত্ৰীয়ে গৈ প্ৰহাৰ কৰি দিয়ে।
https://x.com/DeepikaBhardwaj/status/1786426789449130200
পিন্ধি থকা চোলাত খামুচ মাৰি ধৰি প্ৰহৰ কৰাৰ ফলত কাপোৰো ফালি যায়। কাপোৰত ধৰি টনা-আজোৰা কৰোতে প্ৰধান শিক্ষয়ত্ৰীৰো কাপোৰ ফালি যায়। সেই ঘটনাৰেই ভিডিঅ’ বৰ্তামানে বিয়পি পৰিছে। অশ্লীল গালি-গালাজো কৰিছে দুয়ো শিক্ষা বৃত্তিত জড়িত মহিলাই।
কোনো কথাক লৈ শিক্ষয়ত্ৰীগৰাকীয়ে ভাবুকি দিয়ে প্ৰধান শিক্ষয়ত্ৰীগৰাকীক। যাৰ বাবেই হাত তুলি দিয়ে প্ৰধান শিক্ষয়ত্ৰীয়ে। লগতে কয় ইয়াত কাৰোৰে দাদাগিৰি নচলিব।
পাছত প্ৰধান শিক্ষয়ত্ৰীয়ে আৰক্ষীৰো কাষ চাপে আৰু শিক্ষয়ত্ৰীগৰাকীৰ বিৰুদ্ধে থানাত এখন এজাহাৰো দাখিল কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ