• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩৫বছৰ ধৰি ১৮ মিনিটৰ অন্তৰে অন্তৰে বাৰ্তা পঠিয়াইছে? মহাকাশত পোৱা গৈছে ৰহস্যময় সংকেত? কোনে ক’ৰ পৰা পঠিয়াই আছে এই সংকেত?

৩৫বছৰ ধৰি ১৮ মিনিটৰ অন্তৰে অন্তৰে বাৰ্তা পঠিয়াইছে? মহাকাশত পোৱা গৈছে ৰহস্যময় সংকেত? কোনে ক’ৰ পৰা পঠিয়াই আছে এই সংকেত?

1 year ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

3 minutes ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

9 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

10 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

10 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

11 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

11 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

11 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

12 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

12 hours ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

13 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

13 hours ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩৫বছৰ ধৰি ১৮ মিনিটৰ অন্তৰে অন্তৰে বাৰ্তা পঠিয়াইছে? মহাকাশত পোৱা গৈছে ৰহস্যময় সংকেত? কোনে ক’ৰ পৰা পঠিয়াই আছে এই সংকেত?

৩৫বছৰ ধৰি ১৮ মিনিটৰ অন্তৰে অন্তৰে বাৰ্তা পঠিয়াইছে? মহাকাশত পোৱা গৈছে ৰহস্যময় সংকেত? কোনে ক’ৰ পৰা পঠিয়াই আছে এই সংকেত?

editor by editor
December 27, 2024
in জীৱনশৈলী, বিশ্ব, লেখা, শিক্ষা
0
৩৫বছৰ ধৰি ১৮ মিনিটৰ অন্তৰে অন্তৰে বাৰ্তা পঠিয়াইছে? মহাকাশত পোৱা গৈছে ৰহস্যময় সংকেত? কোনে ক’ৰ পৰা পঠিয়াই আছে এই সংকেত?
0
SHARES
453
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাকাশ মানেই ৰহস্যৰ আকৰ৷ গভীৰ অন্ধকাৰ সেই ৰহস্যৰ সন্ধানত প্ৰতিদিনেই কাম কৰি আছে বিজ্ঞানীয়ে৷ পৃথিৱীৰ মানুহে ৰহস্য খেদি থকাৰ সময়তে প্ৰতিদিনেই বিশ্বব্ৰহ্মাণ্ডত আমাৰ চিন্তাৰ বাহিৰৰ কিছু পৰিঘটনা ঘটি আছে৷ মহাকাশৰ কোনোবা নহয় কোনোবা প্ৰান্তত পৃথিৱীৰ দৰে গ্ৰহ আছে নেকি তাৰো সন্ধান অব্যাহত ৰাখিছে মহাকাশ গৱেষকসকলে৷ বেলেগ বেলেগ গ্ৰহত প্ৰাণৰ সন্ধান কৰি বেতাৰ সংকেত পঠিয়াই বিস্তৰ পৰীক্ষা নিৰীক্ষাও চলাইছে বিজ্ঞানীয়ে৷

সেই ধৰণৰ এক পৰীক্ষা চলাবলৈ গৈ ২০২২ চনত অষ্ট্ৰেলিয়াৰ মহাকাশ গৱেষকে লক্ষ্য কৰিছে যে মহাশূন্যৰ পৰা ভাহি আহিছে অদ্ভুত এক সংকেত৷ ২২ মিনিটৰ পাছে পাছে এই সংকেতে ধৰা দিছে মহাকাশত৷ সেই সংকেতৰ উৎস জনাৰ চেষ্টা কৰিবলৈ গৈ প্ৰকাশ্যে আহিছে অদ্ভুত তথ্য৷

সেই সময়ত ‘মৰচিনছ ৱাইডফিল্ড আৰ’ পদ্ধতিত গৱেষণা চলাইছে জ্যোতিৰ্বিজ্ঞানীসকলে৷ সেই সময়ত ৪৮ ঘণ্টা ধৰি মহাকাশত ভাহি অহা বিভিন্ন সংকেত নথিবদ্ধ কৰাৰ চেষ্টা কৰিছিল অষ্ট্ৰেলিয়াৰ গৱেষকদলে৷ তেওঁলোকৰ লক্ষ্য আছিল পালছাৰ বা নিউট্ৰন তাৰকা আৰু শ্বেত বামন গ্ৰহ৷

গৱেষকে দেখিছে যে মহাকাশৰ পৰা ভাহি অহা এই সংকেত নতুন নহয়৷ এক বা দুই বছৰ নহয় প্ৰায় ৩৫ বছৰ ধৰি পৃথিৱীলৈ ভাহি আহিছে এই বেতাৰ সংকেত৷ ইয়াৰ ৰহস্যভেদ আজিও কৰিব পৰা নাই মহাকাশবিজ্ঞানীয়ে৷ ক’ৰ পৰা আহিছে, কোনে পঠিয়াইছে এই সংকেত? বিশেষ কোনো বাৰ্তা বহন কৰি আনিছে নেকি এই সংকেতে? সঠিকভাৱে বৰ্তমানলৈকে একোৱেই ক’ব পৰা নাই৷

১৯৮৮ চনত প্ৰথমবাৰ এই ধৰণৰ বেতাৰ সংকেতৰ অস্তিত্ব নজৰত আহিছিল জ্যোতিৰ্বিজ্ঞানীসকলৰ৷ জ্যোতিৰ্বিজ্ঞানীসকলৰ দাবী যে কেইবছৰ পূৰ্বে ২১ মিনিটৰ এটা বেতাৰ সংকেত ৰেকৰ্ড কৰা হৈছিল৷ সেই সময়ত কেইবা মিলি ছেকেণ্ডৰ হাহে ৰেডিঅ’ ছিগনেল পাইছিল তেওঁলোকে৷ পৰবৰ্তী সময়ত কেইবা মিনিট ধৰি বেতাৰ সংকেত আকৌ ৰেকৰ্ড কৰা হয়৷

গৱেষকসকলে ইয়াৰ নাম দিছিল জি পি এম জে ১৮৩৯-১০’৷ ৩৫ বছৰ ধৰি সেই মহাকাশবাৰ্তাৰ অস্তিত্ব পালেও এতিয়াও ইয়াৰ কোনো তথ্য ওলিয়াব পৰা নাই গৱেষকসকলে৷ পুৰণি তথ্যৰ ভিত্তিত বিজ্ঞানীসকলে জানিব পাৰিছে যে ১৫ হাজাৰ আলোকবৰ্ষ দূৰৈৰ পৰা ভাহি আহিছে এই ৰহস্যবাৰ্তা৷ প্ৰতি ১৮ মিনিট অন্তৰে অন্তৰে সংকেত অহাৰ ঘটনা লক্ষ্য কৰিছে বিজ্ঞানীয়ে৷

কোনে পঠিয়াইছে এই বাৰ্তা? অন্য কোনো গ্ৰহৰ বাসিন্দাই বাৰে বাৰে যোগাযোগৰ চেষ্টা কৰিও ব্যৰ্থ হৈছে৷ বিগত তিনি দশক ধৰি কিয় এই বাৰ্তা ভাহি আহিছে? ৰহস্যময় এই বাৰ্তা দিলে আ লং পিৰিয়ড ৰেডিঅ’ ট্ৰানজিয়েন্ট একটিভ ফৰ থ্ৰি ডেকেডছ শিৰোনামৰ এটা প্ৰবন্ধ বিজ্ঞান বিষয়ক পত্ৰিকা নেচাৰত এই প্ৰকাশ কৰিছে এদল গৱেষকে৷

সেই গৱেষণাত কোৱা হৈছে যে এই তৰংগ বা সংকেতসমূহ কোনো পালছাৰৰ পৰা আহিছে৷ পালছাৰ হৈছে এনে এক মহাজাগতিক বস্তু যি নক্ষত্ৰৰ ছুপাৰনোভা বিস্ফোৰণত পৰি থকা কোৰৰ অংশ৷ য’ত ছুপাৰনোভা বিস্ফোৰণ হয় তেতিয়া বিধ্বস্ত নক্ষত্ৰৰ কোৰৰ পদাৰ্থসমূহ সংকুচিত হ’ব পাৰে৷ অতিৰিক্ত সংকোচনৰ ফলত তৈয়াৰ হয় নিউট্ৰন তাৰকা৷ এই নিউট্ৰন তাৰকা এটা নিৰ্দিষ্ট স্পন্দনৰ মাপত তড়িৎ চুম্বকীয় তৰংগ নিৰ্দিষ্ট দিশত বিকিৰণ কৰে৷ এই তড়িৎ চুম্বকীয় তৰংগ স্পন্দন বা পালছৰ আকাৰত প্ৰবাহিত হয় বাবে ইয়াৰ নাম পালছাৰ৷

প্ৰবল বেগত ঘূৰি থকা এই পালছাৰৰ পৰা নিৰ্গত শক্তিৰ মাধ্যমেৰে ১৫ হাজাৰ আলোকবৰ্ষ দূৰৈত থকা বেতাৰ সংকেত আহিছে পৃথিৱীলৈ৷ প্ৰাথমিকভাৱে এনে মত দিছিল গৱেষকৰ৷ এই পালছাৰৰ চৌম্বকীয় শক্তি বাঢ়ি গৈছিল ঘূৰ্ণনৰ গতিবেগ আৰু বাঢ়ি যায়৷ গতিবেগ য’ত বাঢ়ে তাতেই বেতাৰ তৰংগ নিৰ্গত হ’ব পাৰে ইয়াৰ আশেপাশে৷ যেতিয়াই এই তৰংগ পৃথিৱীৰ কাষলৈ আহে তেতিয়া এণ্টেনাত ধৰা পৰে এই সংকেতসমূহ৷ পৃথিৱীলৈ অহা অন্যান্য পালছাৰ তৰংগৰ সৈতে জি পি এম জে ১৮৩৯-১০’ ৰ তৰংগ তুলনা কৰি দেখা আৰম্ভ কৰে৷

সেই তথ্য দেখি ভুল ভাঙে জ্যোতিৰ্বিজ্ঞানীৰ৷ তেওঁলোকে বুজিব পাৰে যে সেই বেতাৰ তৰংগ পালছাৰৰ পৰা আহিছে কিন্তু ইয়াৰ উৎস পালছাৰ নহয়৷ সাধাৰণতে পালছাৰৰ পৰা নিৰ্গত তৰংগৰ সময় দৈৰ্ঘ্য পৰিমাপ কৰিবলৈ এই মহাজাগতিক সামগ্ৰীসমূহৰ আয়ুস কাল নিৰ্ণয় কৰা সম্ভৱ৷ আনকি পালছাৰসমূহৰ তৰংগ প্ৰেৰণৰ স্থায়িত্ব ০.২৫ ছেকেণ্ডৰ পৰা ২ ছেকেণ্ড৷ ক্ৰমাগত শক্তি প্ৰেৰণ কৰোতে কৰোতে একেসময়তে পালছাৰসমূহে সেই ক্ষমতা হেৰুৱাই তৰংগ পঠিওৱা বন্ধ কৰি দিয়ে৷

পালছাৰসমূহৰ শক্তিক্ষয় হোৱাৰ পাছত এনে এক অৱস্থালৈ যায় যি মৃত্যুৰ ঠিক পূৰ্বৰ দশা বুলি ক’ব পাৰি৷ মহাকাশবিজ্ঞানৰ ভাষাত ডেথ ভেলিৰ দিশত আগুৱাই থাকে এই নিউট্ৰন তৰাসমূহ৷ সেই অঞ্চলত প্ৰৱেশ কৰিলে পালছাৰসমূহে ৰেডিঅ’ সংকেত পঠিওৱাৰ সময়ত বহু পৰিবৰ্তন ঘটে৷ কাৰণ তেতিয়া ঘূৰ্ণন বহু পৰিমানে সংকুচিত হৈ যায়৷ এটা সময়ৰ পাছত সেই পালছাৰসমূহৰ পৰা বেতাৰ তৰংগ অহা একেবাৰেই বন্ধ হৈ যায়৷ অন্য পালছাৰৰ সৈতে জি পি এম জে ১৮৩৯-১০’ ৰ স্পন্দনৰ ৰেখচিত্ৰ মাপ দেখাৰ পাছতেই চমকি উঠিছে মহাকাশ গৱেষকসকল৷ ৰহস্যময় বেতাৰ বাৰ্তাটো আহিছে তাৰকাৰ মৃত উপত্যকাৰ ওপৰৰ পৰা৷ সেই তথ্য জনাৰ পাছতেই গৱেষকসকল নিশ্চিত হৈছিল যে এই সংকেত কোনো ধৰণেই পালছাৰৰ পৰা অহা নাই৷

ক’ৰ পৰা আহিছে এই সংকেত? জ্যোতিৰ্বিজ্ঞানীৰ একাংশৰ ধাৰণা যে এই সংকেতৰ উৎস হ’ব পাৰে মেগনেটাৰ৷ ইয়াৰ পৰা এক ধৰণৰ নিউট্ৰণ তাৰকা, য’ত প্ৰচণ্ড শক্তিশালী চৌম্বকীয় বলয় থাকে৷ এওঁলোকৰ চৌম্বকীয় ক্ষেত্ৰত থাকে পালছাৰতকৈয়ো বেছি বেতাৰ তৰংগ৷ চৌম্বক তৰংগ আৰু এক্স ৰেও নিৰ্গত হৈ থাকে৷ এওঁলোকৰ সংকেত পঠিওৱাৰ সময়ত পালছাৰৰ তুলনাত কেইবাগুণ বেছি৷ কেইবাটাও সম্ভাৱনাৰ কথা জনালেও সঠিক সিদ্ধান্তত এতিয়াও উপনীত হোৱা নাই বিজ্ঞানীসকল৷ এই সংকেতৰ অৰ্থও উদ্ধাৰ কৰিব পৰা নাই মহাকাশ গৱেষকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

April 7, 2026
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল
জীৱনশৈলী

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

April 6, 2026
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ
জীৱনশৈলী

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

April 6, 2026
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?
জীৱনশৈলী

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

April 6, 2026
Next Post
২৫০০ কোটিৰ গৰাকী ছলমান খান! এদিনত ভাইজানৰ উপাৰ্জন কিমান?

২৫০০ কোটিৰ গৰাকী ছলমান খান! এদিনত ভাইজানৰ উপাৰ্জন কিমান?

SBIত ১৮০ দিনৰ  FDত ৩লাখ টকা জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পোৱা যাব?

SBIত ১৮০ দিনৰ FDত ৩লাখ টকা জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পোৱা যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.