অসম লাইভ ২৪ঃ বুটা সিং নামৰ লোক এজনৰ দ্বিতীয় বিবাহৰ অনুষ্ঠান চলি থাকোতে বিবাহস্থলীত উপস্থিত হয় কন্যাৰ সৈতে প্ৰথমা পত্নী। ঘটনা পঞ্জাবৰ ফিৰোজপুৰৰ। অভিযোগ অনুসৰি কন্যা সহিতে এগৰাকী পত্নী থকাৰ পিছতো প্ৰতাৰণাৰে বুটা সিঙে দ্বিতীয় বিবাহ কৰাবলৈ ওলাইছিল। জানিব পৰা মতে ১৩ মাহ পূর্বে সুনীনা নামৰ এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল বুটা সিং। কিন্তু সিহঁতৰ সংসাৰ সুখকৰ নহ’ল। বিহাৰ কেইমাহমান পাছতে স্বামী তথা পৰিয়ালৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ আনি মাকৰ ঘৰলৈ গুচি যায় সুনীতা। আৰু মাকৰ ঘৰতে জন্ম দিয়ে এটি কন্যা সন্তান। পিছত স্বামী বুটা সিঙৰ সৈতে বুজাবুজিৰ বাবে কেইবাখনো পঞ্চায়ত বৈঠক বহে যদিও পুনৰ সংসাৰ পতাত সফল নহ’ল। ইয়াৰ মাজতে সুনীতা তথা প্ৰথমা পত্নীয়ে খবৰ পাই যে স্বামীয়ে দ্বিতীয় বিবাহ কৰাবলৈ ওলাইছে। লগে লগে সুনীতাই আত্মীয়ৰ সৈতে স্বামীৰ দ্বিতীয় বিবাহস্থলীত উপস্থিত হৈ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে। ইপিনে দ্বিতীয় বিবাহ কৰাবলৈ ওলোৱা যুৱতীগৰাকীৰ পৰিয়ালে বুটা সিং বিবাহিত বুলি গম পাই বিবাহ স্থগিত কৰে আৰু থানাত বুটা সিঙৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ইয়াৰ পিছত প্ৰতাৰণাৰে দ্বিতীয় বিবাহ কৰাবলৈ ওলোৱা বুটা সিঙক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ