অসম লাইভ ২৪ঃ নিশা তেতিয়া ১১ বাজিছিল কি নৌবাজিছিল, তেনেতে তিনিচুকীয়াৰ মাকুমস্থিত নিজ বাসগৃহত জ্যেষ্ঠ সাংবাদিক বিকাশ মৰাণে নিজকে নিঃশেষ কৰিছে৷ এই খবৰটো চৌদিশে বিয়পি পৰে৷ সাংবাদিকগৰাকীয়ে নিজা পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে৷ নিউজ লাইভ, আছাম টকছ, নিউজ টাইম আছাম, ডি এ নিউজ প্লাছৰ দৰে আগশাৰীৰ সংবাদ মাধ্যমত নিষ্ঠাৰে সেৱা আগবঢ়াইছিল মৰাণে৷ সাংবাদিকগৰাকীৰ মৃত্যুৰ অপ্ৰত্যাশিত খবৰটো সহজভাৱে ল’ব পৰা নাই তেওঁৰ একালৰ সতীৰ্থসকলে৷ ঘটনাৰ পাছতেই আৰক্ষীয়ে মৰাণে ব্যৱহাৰ কৰা পিষ্টলটো জব্দ কৰে৷ মৰাণৰ এই আকস্মিক মৃত্যুত শোকস্তব্ধ কৰি তুলিছে উজনি অসমৰ সাংবাদিক মহলত৷ মৃত্যুৰ সময়ত মাতৃৰ লগতে পত্নী, দুই কন্যা সন্তান আৰু এটি পুত্ৰ সন্তান এৰি থৈ গৈছে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে৷ কি কাৰণত বিকাশ মৰাণৰ দৰে প্ৰগতিশীল সাংবাদিকে আত্মহত্যাৰ দৰে পথ ল’লে এই পৰ্যন্ত সেয়া পৰিষ্কাৰ হোৱা নাই যদিও তিনিচুকীয়া আৰক্ষীৰ তদন্তইহে সত্যটি উন্মোচন কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ