অসম লাইভ২৪ঃ শ্বাহৰুখ খানৰ মেনেজাৰ পূজা দাদলানী। তেওঁৰ মাহিলী উপাৰ্জনে বলীউডৰ বহু অভিনেতা-অভিনেত্ৰীকেই পিছপেলাই। প্ৰায় এক দশক ধৰি শ্বাহৰুখৰ মেনেজাৰ হিচাপে আছে পূজা। কেৱল মাত্ৰ কিং খানৰ ছবিৰ কাম কাজেই পূজা সামৰি ৰাখে তেনে নহয়। পূজাৰ দায়িত্বত আছে শ্বাহৰুখৰ ব্ৰেণ্ড এণ্ডৰ্ছমেণ্ট আৰু আইপিএল ক্ৰিকেট টিম Kolkata Knight Ridersৰো তেওঁ মেনেজাৰৰ দায়িত্বত আছে।
কেৱল শ্বাহৰুখৰ সমূহ দায়িত্বই লয় তেনে নহয়। গৌৰী খান, ছুহানা, আৰিয়ান আৰু আব্ৰাহামৰ সৈতেও তেওঁৰ আন্তৰিক সম্পৰ্ক আছে। সময়ৰ সৈতে শ্বাহৰুখৰ পৰিয়ালৰ সদস্যই হৈ পৰিছে পূজা দাদলানী। কিন্তু এটা কথা জানেনে? শ্বাহৰুখ আৰু পূজা দাদলানীৰ জন্মদিনো একেই। ১৯৭৬ চনৰ ২ নৱেম্বৰত জন্ম পূজাৰো। বৰ্তমানলৈ প্ৰায় ৬ মিলিয়ন মাৰ্কিন ডলাৰৰ অধিকাৰী পূজা। ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমান প্ৰায় ৪৫ কোটি টকা। এই হিচাপ ২০২০ চনলৈকে থকা সম্পত্তিৰ হিচাপহে। বিগত ৩ বছৰ তেওঁৰ সম্পত্তিৰ পৰিমান প্ৰায় ১ মিলিয়নলৈকে বৃদ্ধি হৈছে।
শ্বাহৰুখৰ সৈতে ছাঁৰ দৰে লাগি থকা পূজাৰ মাহিলী দৰমহা কিমান সেই বিষয়টো বহুতেই জানিব খোজে। বলীউডৰ এক সূত্ৰৰ খবৰ অনুসৰি পূজাই মাহিলী ২০ কোটি টকা দৰমহা পায়। বলীউডৰ বহু অভিনেতা অভিনেত্ৰীয়েই মাহিলী ইমান ধন আয় কৰিব নোৱাৰে। পূজাক কেৱল দৰমহাৰ টকাহে দিয়ে শ্বাহৰুখে তেনে নহয়। বিভিন্ন সূত্ৰই প্ৰকাশ কৰামতে পূজাক কেইবাখনো বিলাসবহুল গাড়ীও উপহাৰ দিছে শ্বাহৰুখে। পূজা দাদলানীৰ গেৰেজত আছে Rolls Rover, Lamborghini, Audi কে ধৰি কেইবাখনো বিলাসী বাহন। শ্বাহৰুখৰ পত্নী গৌৰীয়ে পূজাৰ বাবেই শ্বাহৰুখৰ কোনো দিশতেই মূৰ ঘমাবলগীয়া নহয় বুলি বহু সময়ত কৈ আহিছে। শ্বাহৰুখে যাতে অভিনয়ৰ বাহিৰে আন কোনো কামতেই মন দিব নালাগে তাৰ যাৱতীয় সকলো ব্যৱস্থা কৰি ৰাখে পূজাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ