অসম লাইভ২৪ঃ ৰূপালী পৰ্দাত তেওঁ ৰোমাঞ্চৰ নায়ক। বহুতেই দাবী কৰে তেওঁ হৃদয়বান মানুহ। শ্বাহৰুখ খান। বিগত কেইবা দশক ধৰি বাজীগৰৰ যাদুত মুগ্ধ দেশৰ কোটি কোটি জনতা। নব্বৈৰ দশকৰ পৰা বৰ্তমানলৈ। ৰোমাঞ্চ বুলিলেই মনলৈ অহা প্ৰথম নায়ক শ্বাহৰুখ খান। শ্বাহৰুখক বলীউডৰ একক অভিনেতাৰ শাৰীত ধৰাৰ আন এক কাৰণ হ’ল তেওঁৰ চেঞ্চ অৱ হিউমাৰ। এই গুণেৰেই বহুতৰে হৃদয় জয় কৰি আহিছে শ্বাহৰুখে।
নতুন বছৰত মুক্তি পাব শ্বাহৰুখৰ নতুন ছবি পাঠানে। দেশজুৰি অব্যাহত আছে পাঠানৰ চৰ্চা। তাৰ মাজতেই নতুন বছৰতেই টুইটাৰত বহু অনুৰাগীৰ সৈতে মত বিনিময় কৰা দেখা গৈছে শ্বাহৰুখক। অনুৰাগীয়ে সোধা প্ৰায়সমূহ প্ৰশ্নৰেই উত্তৰ শ্বাহৰুখে দিছে। তাৰ মাজতেই এজন অনুৰাগীয়ে শ্বাহৰুখক তেওঁৰ মাহিলী উপাৰ্জনৰ বিষয়েও প্ৰশ্ন কৰিছিল। সেই প্ৰশ্নৰো উত্তৰ শ্বাহৰুখে দিয়াত বিশেষ উত্তৰটো ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।
শ্বাহৰুখে উত্তৰত কয়, ‘অৰ্থৰ নিৰিখ কিমান মই মুকলিকৈ ক’ব নোৱাৰিম। প্ৰতিদিনেই মই অগাধ ভালপোৱা পাইছো। সেয়াই মোৰ মুখ্য উপাৰ্জন। মানুহৰ ভালপোৱাই মোক শ্বাহৰুখ কৰি তুলিছে।’ শ্বাহৰুখক বহুতে সমালোচনাও কৰে কিন্তু উপেক্ষা কৰিব নোৱাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ