জ্যোতিষশাস্ত্ৰ অনুসৰি২০২৫ চন অত্যন্ত গুৰুত্বপূৰ্ণ৷ তেনেকৈ গুৰুতৰ হ’ব ২০২৬ চনো৷ চলিত বছৰৰ নৱেম্বৰত একাধিক গ্ৰহৰ স্থান পৰিবৰ্তন হব৷ এই মাহত প্ৰথমে বক্ৰী হ’ব বৃহস্পতি৷ অৰ্থাৎ বিপৰীতমুখী অৱস্থানত থাকিব৷ কেইবাদিনৰ পাছত মাৰ্গী হ’ব শনি৷
বৰ্তমান মীন ৰাশিত মাৰ্গী হৈছে শনি৷ খুব শীঘ্ৰেই বৃহস্পতি আৰু শনিৰ গতি পৰিবৰ্তনৰ ডাঙৰ প্ৰভাৱ পৰিব৷ শনি ন্যায়ৰ প্ৰতীক৷ কৰ্ম অনুসৰি ফল প্ৰদান কৰিব৷ বৃহস্পতি জ্ঞান, সৌভাগ্য, প্ৰতিপত্তি আৰু খ্যাতিৰ প্ৰতীক৷ শনিক বহুতেই নিষ্ঠুৰ গ্ৰহ বুলি বিবেচনা কৰে৷ বৃহস্পতিক দেৱগুৰু আৰু শুভ গ্ৰহ হিচাপে বিবেচনা কৰা হয়৷ এই দুই গ্ৰহই প্ৰায় একেই সময়ত নিজৰ স্থান পৰিবৰ্তন কৰিব৷ দুই গ্ৰহৰ গতি পৰিবৰ্তনে কোন কোন ৰাশিৰ জীৱনত প্ৰভাৱ পৰিব?
১১ নৱেম্বৰত বৃহস্পতি বক্ৰী হ’ব৷ ২৮ নৱেম্বৰত শনি মাৰ্গী হ’ব৷ এই ঘটনা প্ৰায় কেইবাদশক পাছত ঘটিছে৷ নৱেম্বৰ মাহত কম সময়ৰ ভিতৰতেই দুই গ্ৰহই পথ পৰিবৰ্তন কৰিব৷ মাত্ৰ ১৭ দিনৰ ভিতৰত স্থান পৰিবৰ্তন কৰিব শনি আৰু বৃহস্পতিয়ে৷ গ্ৰহৰ এই গোচৰত কি ঘটিব?
মিথুন ৰাশিৰ জাতকৰ জীৱনত কি আছে?
বৃহস্পতি আৰু শনিৰ গতিপথ পৰিবৰ্তন মিথুন ৰাশিৰ জাতকৰ বাবে অনুকূল হব৷ ব্যক্তিগত আৰু পেছাগত জীৱন, উভয়ক্ষেত্ৰতেই লাভৱান হব৷ কেৰিয়াৰত উন্নতিৰ সুযোগ পাব৷ একেলগে আৰ্থিক লাভ আৰু পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব৷ আপোনাৰ মৰ্যাদা আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷
মকৰ ৰাশিৰ জাতকৰ জীৱনত কি আছে?
বৃহস্পতি আৰু শনিৰ গতিপথৰ পৰিবৰ্তন মকৰ ৰাশিৰ জাতকৰ বাবে শুভ প্ৰমাণিত হব পাৰে৷ নতুন বিনিয়োগ লাভজনক হব৷ আয় বৃদ্ধিৰ সুযোগ আহিব পাৰে৷ আপুনি অৰ্থ সঞ্চয়ত সফল হব৷ ৰৈ থকা ধন পুনৰুদ্ধাৰ কৰিব পাৰে৷ ৰৈ থাক কাম শেষ হব৷ পাৰিবাৰিক সহায়তা পাব৷
কুম্ভ ৰাশিৰ জাতকৰ জীৱনত কি আছে?
কুম্ভ ৰাশিৰ অধিপতি শনি৷ এই ৰাশিৰ জাতকৰ চাৰে সাতিৰ শেষ পৰ্যায়ত আছে৷ এই ৰাশিৰ জাতক সৌভাগ্যবান হব৷ সঠিক পৰিকল্পনা কৰি কাম কৰিলে সেয়া সম্পন্ন হব৷ কঠোৰ পৰিশ্ৰম ফলপ্ৰসূ হব৷ নতুন দায়িত্ব পাব পাৰে৷ সম্পদ আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















