১৪ জানুৱাৰীত মকৰ সংক্ৰান্তি৷ ১৫ জানুৱাৰীত শনিৰ সৈতে ৬০ ডিগ্ৰী কোণত অৱস্থান কৰিব শুক্ৰই৷ শুক্ৰ-শনিৰ এই সংযোগে তৈয়াৰ কৰিছে বিশেষ লাভ দৃষ্টি যোগ৷ জ্যোতিষশাস্ত্ৰত এই যোগক অত্যন্ত শুভ যোগ বুলি কোৱা হয়৷ প্ৰায় কেইবা দশক পাছত মকৰ সংক্ৰান্তিত এনে এক শুভ যোগ তৈয়াৰ হৈছে৷ যিয়ে বৃষ আৰু তুলাসহ চাৰিটা ৰাশিৰ বাবে অত্যন্ত শুভ হ’ব?
বৃষ ৰাশি
বৃষ ৰাশিৰ ওপৰত শুক্ৰ কৰ্তৃক্ত কৰে৷ শনিৰ সৈতে সংযোগত লাভ দৃষ্টি যোগ তৈয়াৰ হলে তাৰ সুফল পাব বৃষ ৰাশিৰ জাতকে৷ এই যোগৰ শুভ ফলত আৰ্থিক উন্নতি, পদোন্নতি, বিলাসিতা বৃদ্ধি পাব৷ সমাজত সন্মান বৃদ্ধি পাব৷ জীৱনলৈ নানান ইতিবাচক পৰিবৰ্তন আহিব পাৰে৷ আপোনাৰ কামৰ প্ৰশংসা পাব৷
তুলা ৰাশি
তুলা ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ৷ শনি আৰু শুক্ৰৰ এই শুভ সংযোগে তুলা ৰাশিৰ অবিবাহিত জাতকৰ বিবাহৰ কথা পাক্কা হব৷ আপোনাৰ মৰ্যদা বৃদ্ধি পাব৷ দীৰ্ঘদিনৰ কঠোৰ পৰিশ্ৰম ফলপ্ৰসূ হব৷ আপোনাৰ ব্যক্তিত্বই অন্যৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব৷
মকৰ ৰাশি
মকৰ ৰাশিৰ অধিপতি শনি৷ শনি আৰু শুক্ৰৰ এই সংযোগে তৈয়াৰ কৰা লাভ দৃষ্টি যোগ মকৰ ৰাশিৰ জাতকৰ বাবেও শুভ হব৷ কৰ্মজীৱন আৰু শিক্ষাক্ষেত্ৰত সাফল্য লাভৰ সম্ভাৱনা আছে৷ বিদেশ ভ্ৰমণৰ সুযোগ আহিব পাৰে৷ সম্পদ বৃদ্ধি পাব৷ পৈতৃক সম্পত্তিৰ কাৰণে লাভৱান হব৷ নতুন সম্পত্তি ক্ৰয়ৰ সম্ভাৱনা আছে৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ শনি৷ শুক্ৰ শনিৰ লাভ দৃষ্টি যোগে এই জাতকৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব৷ আপোনাৰ বুদ্ধি আৰু বিচক্ষণতাৰ স্বীকৃতি পাব৷ আপোনাৰ প্ৰেম জীৱন সুখৰ হব৷ সংগীৰ সৈতে ঘনিষ্ঠতা বাঢ়িব৷ ৰাজনীতি বা সামাজিক কামৰ সৈতে জড়িতসকলে উচ্চপদ লাভ কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















