অসম লাইভ২৪ঃ অঞ্জুক মনত আছেনে? প্ৰেমিকৰ টানত ৰাজস্থানত স্বামী, সন্তানক এৰি পাকিস্তানৰ খাইবাৰ পাখতুনখোয়ালৈ যাত্ৰা কৰিছিল অঞ্জুৱে। বিবাহতো বহিছিল প্ৰেমিক নাছৰুল্লাহৰ সৈতে। সেই অঞ্জুৱেই এইবাৰ আকৌ দেশলৈ উভতি অহাৰ সিদ্ধান্ত লৈছে। ভাৰতলৈ আকৌ উভতি আহিবলৈ সিদ্ধান্ত লৈছে অঞ্জুৱে। সন্তানৰ টানতেই ভাৰতলৈ আহিব খুজিছে অঞ্জু।
অঞ্জুৰ বৰ্তমানৰ স্বামী নাছৰুল্লাহে পাকিস্তানৰ এক সংবাদমাধ্যমত প্ৰকাশ কৰা অনুসৰি সন্তানৰ বাবেই অঞ্জুৰ মন ভাঙি পৰিছে। সেয়ে অঞ্জু ভাৰতলৈ আকৌ যাব খুজিছে। পাকিস্তাৱ চৰকাৰে অঞ্জুক ভাৰতলৈ অহাৰ অনুমতিও দিছে বুলি জনাইছে নাছৰুল্লাহে। পাকিস্তানৰ নাগৰিক সীমা হায়দৰে ভাৰতত অবৈধভাৱে প্ৰবেশ কৰাৰ বাতৰিয়ে সমগ্ৰতে স্থান লাভ কৰাৰ সময়তেই দেশ এৰি পাকিস্তানত ভৰি থৈছিল ৩৪ বছৰীয়া মাতৃ তথা গৃহবধু অঞ্জুৱে।
ৰাজস্থানৰ তিৱাৰী জিলাত অঞ্জুৰ স্বামীগৃহ। অৰবিন্দ নামৰ এজন ব্যক্তিৰ সৈতে বিবাহৰ সম্পৰ্কত আছিল অঞ্জু। অঞ্জুৰ দুই সন্তানো আছে। বিগত ২৩ জুলাইত ঘৰৰ পৰা মনে মনে ওলাই পাকিস্তানত ভৰি দিছিল তেওঁ। তাৰ পিছতেই কেইবাটাও ভিডিঅ’ ভাইৰেলো হৈছিল অঞ্জুৰ। সেই ছবি আৰু ভিডিঅ’ত প্ৰেমিকৰ সৈতে নাছৰুল্লাহৰ সৈতে দেখা গৈছে অঞ্জুক। অঞ্জুক আনুষ্ঠানিকভাৱেও বিয়া কৰোৱাৰ ভিডিঅ’ শ্বেয়াৰ কৰিছিল তেওঁৰ প্ৰেমিক নাছৰুল্লাহে।
স্বামী আৰু সন্তানক এৰি যোৱাৰ প্ৰায় তিনি মাহ সম্পূৰ্ণ হোৱাৰ পাছত আকৌ ভাৰতলৈ উভতি আহিবলৈ সাজু হৈছে অঞ্জু। সংবাদ সংস্থা পিটিআইক নাছৰুল্লাহে জনোৱা অনুসৰি অঞ্জুৱে সন্তানৰ অভাৱ অনুভৱ কৰিছে। মানসিকভাৱে বিপৰ্যস্ত হৈ পৰিছে অঞ্জু। সেয়ে আকৌ ভাৰতলৈ উভতি আহিবলৈ সাঁজু হৈছে অঞ্জু। যদি সম্ভৱ হয় তেন্তে সন্তানক লৈ আকৌ পাকিস্তানলৈ অঞ্জু উভতি যাব বুলিও জনাইছে তেওঁৰ নতুন স্বামী নাছৰুল্লাহে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ