যোৱা ২৩ জানুৱাৰীৰ নিশা শিৱসাগৰ কালুগাঁও উপ স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মী শিখা শইকীয়াই শিৱসাগৰৰ নগৰৰ মাজমজীয়াস্থিত দিখৌ দলঙৰ পৰা জঁপিয়াই আত্মহত্যা কৰা ঘটনা সন্দৰ্ভত শিৱসাগৰ আৰক্ষীয়ে এহাল দম্পতীক গ্ৰেপ্তাৰ কৰিছে৷
শিখা শইকীয়াৰ আত্মহত্যাৰ সন্দৰ্ভত মাতৃয়ে দিয়া গোচৰৰ ভিত্তি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নিৰীক্ষিত গগৈ আৰু ৰৌজি ৰাভা গৈগক৷ ঘটনা সন্দৰ্ভত ৰুজু হোৱা ২৬১/২০২২ নম্বৰৰ গোচৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে অনুসন্ধান চলাই তিনিচুকীয়াৰ এখন বাছৰ পৰা শিৱসাগৰৰ লালীম গাঁৱৰ দম্পতীহালক গ্ৰেপ্তাৰ কৰে৷
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি আত্মহত্যা কৰাৰ পূৰ্বে শিখা শইকীয়াই চুইচাইড নোটত ৰৌজি ৰাভা গগৈৰ নাম লিখি থৈ গৈছিল৷ ৰৌজি গগৈয়ে শিখা শইকীয়াক ৰাজহুৱাভাৱে অপদস্থ কৰাৰ বাবেই তেওঁ আত্মহননৰ পথ বাছি লোৱা বুলি টোকাত উল্লেখ কৰি যোৱাৰ কথা আৰক্ষীয়ে প্ৰকাশ কৰিছে৷
লগতে পঢ়ক দুই ছাত্ৰীক যৌনাংগ প্ৰদৰ্শন অভিনেতা শ্ৰীজিত ৰবিৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ
ইয়াৰ পিছতে দম্পতীহালৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰে আৰু দম্পতীহালে গ্ৰেপ্তাৰ নিশ্চিত বুলি সম্ভেদ পাই যোৱা ১২ দিনে পলাতক হৈ আছিল৷ অৱশেষত আৰক্ষীয়ে ১২ দিনৰ অন্তত বৃহস্পতিবাৰে আৰক্ষীয়ে অভিযুক্ত দম্পতীহালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
ইফালে আত্মহত্যাৰ পূৰ্বে যোৱা ১৮ জুনত শিখা শইকীয়াই ৰৌজি ৰাভা গগৈৰ বিৰুদ্ধে আমগুৰি থানাত এখন এজাহাৰো দাখিল কৰিছিল। শিখা শইকীয়াই ৰৌজি ৰাভা গগৈয়ে তেওঁক কালুগাঁও স্বাস্থ্য কেন্দ্ৰলৈ গৈ অপদস্থ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল যদিও আৰক্ষীয়ে ব্যৱস্থা লোৱাত পলম কৰাৰ অভিযোগ উঠিছিল।
আনহাতে, শিখা শইকীয়া আৰু নিৰিক্ষীত গগৈৰ মাজত অবৈধ প্ৰেমৰ সম্পৰ্ক থকা বুলি সন্দেহ কৰিয়েই ৰৌজি ৰাভা গগৈয়ে অপদস্থ কৰিছিল শিখা শইকীয়াক। আমগুৰি আৰক্ষীয়ে ৰৌজি ৰাভা গগৈৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছিল যদিও ২৩ জুনৰ নিশা আত্মহত্যা কৰে শিখা শইকীয়াই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ