লিফ্ট দিয়াৰ নামত প্ৰৌঢ় মহিলাকো নেৰিলে লম্পটে, মাৰপিট কৰাৰ লগতে জংঘললৈ নি…
এগৰাকী যুৱকৰ নিকৃষ্ট মানসিকতাৰ বলি হল এগৰাকী প্ৰৌঢ় মহিলা। লিফ্ট দিয়াৰ নামত বয়সস্থ মহিলা গৰাকীৰ সৈতে সংঘটিত কৰিলে জঘন্য ঘটনা। এই ঘটনা সংঘটিত হৈছে হিমাচল প্ৰদেশত। জঘন্য ঘটনা সংঘটিত কৰাৰ লগতে ৬৫ বৰ্ষীয় মহিলাগৰাকীৰ সৈতে মাৰপিটো কৰে ৩৫ বৰ্ষীয় পাষণ্ড যুৱকে।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, নিশা প্ৰায় ৯ মান বজাত জলন্ধৰৰ পৰা আহি বাছৰ পৰা নামে মহিলাগৰাকী। বাছ ষ্টেণ্ডৰ পৰা ঘৰলৈ যোৱাৰ বাবে টেক্সি বিচাৰে। কিন্তু ৮০০-৯০০ টকা বিচৰাত মহিলাগৰাকী বিমোৰত পৰে। কাৰণ সেই সময়ত মহিলাগৰাকীৰ ওচৰত নাছিল সিমান টকা।
ভাবি চিন্তি থাকোতেই স্কুটী লৈ থকা এগৰাকী যুৱক আগবাঢ়ি আহি বয়সস্থ মহিলাগৰাকীৰ ঘৰৰ ফালেই যাম বুলি মহিলাগৰাকীক লিফ্ট দিয়ে। নিজৰ পুত্ৰ তথা নাতিৰ বয়সৰ যুৱকৰ কথাত বিশেষ নাভাৱে মহিলাই।
মহিলাক স্কুটীত বহোৱাৰ পাছতে বহু তীব্ৰ গতিত বাহন চলাই যায়। কিন্তু কিছু দূৰ যোৱাৰ পাছতে স্কুটীৰে সৈতে দুয়ো পৰে। কাৰণ সেই সময়ত মদ্যপান কৰি নিচাত আছিল যুৱক। স্কুটীৰ পৰা পৰাৰ পাছতে মহিলাগৰাকীক টানি টানি জোৰজবৰ্দস্তি কাষৰ জংঘললৈ লৈ যায়।
মহিলাগৰাকীয়ে এই কাৰ্যত হকা বাধা কৰি চিঞৰ বাখৰ কৰে। যাৰ বাবে যুৱকে মহিলাগৰাকীক বেয়াকৈ মাৰপিট কৰি নিজৰ মনোকামনা পূৰ কৰি সেই স্থানৰ পৰা পলায়ন কৰে।
মহিলাগৰাকীয়ে কোনোমতে সেই স্থানৰ পৰা ওলাই আহি নিকট লোকৰ পৰা সহায় লৈ পৰিয়াললৈ খবৰ কৰে লগতে আৰক্ষীকো খবৰ কৰে। আৰক্ষীয়ে ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে, লগেত ভাষ্য সংগ্ৰহ কৰি অপৰাধীৰ সন্ধানত নামি পৰে।
আৰক্ষীৰ অনুসন্ধাত ধৰা পৰে অপৰাধী। জংঘলতে অন্য ঠাইত লুকাই আছিল। অপৰাধীক আটক কৰি কাইলৈ আদালতত হাজিৰ কৰোৱাব অভিযুক্ত যুৱকক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















