আজি শ্ৰেয়াছৰ হাতত সুবৰ্ণ সুযোগ ইতিহাস ৰচাৰ, যি আজি পৰ্যন্ত ধোনী-ৰোহিতেও পৰা নাই কৰিব
আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে আই পি এল ২০২৫ৰ চূড়ান্ত খেল। এই ৰোমাঞ্চকৰ খেলখনত পঞ্জাৱ আৰু বেংগালুৰু (আৰ চি বি)ৰ মাজত মুখামুখি হৈ আছে। দুয়ো দলে আজি পৰ্যন্ত আই পি এলৰ খিতাপ অৰ্জন কৰিব পৰা নাই, গতিকে আজি এটা নতুন দলে ইতিহাস সৃষ্টি কৰি প্ৰথমবাৰৰ বাবে ট্ৰফী লাভ কৰিব।
পাছে এই আজিৰ এই ফাইনেল মেচত ইতিহাস সৃষ্টিৰ সুযোগ লাভ কৰিছে শ্ৰেয়াছ আয়াৰে। যদিহে আজি খেল খনত পাঞ্জাৱে জয় লাভ কৰে তেন্তে অধিনায়ক শ্ৰেয়াছৰ নামত খোদিত হব ৰেকৰ্ড। যি আজি পৰ্যন্ত অন্য অধিনায়কে কৰিব পৰা নাই।
বৰ্তমান কেৰিয়াৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্থানত আছে শ্ৰেয়াছ আয়াৰ। যোৱা বছৰ কলকাতা নাইট ৰাইডাৰ্ছক চেম্পিয়ন কৰিছিল শ্ৰেয়াছে। এতিয়া যদি এইবাৰ পঞ্জাব কিংছকো জয়ৰ দিশত আগুৱাই লৈ যায় তেন্তে তেওঁ আই পি এলৰ ইতিহাসত দুটা ভিন্ন দলৰ হৈ খিতাপ দখল কৰা প্ৰথমজন অধিনায়ক হিচাপে পৰিগণিত হ’ব।
এই কৃতিত্ব এই পৰ্যন্ত আই পি এলৰ কিংবদন্তি অধিনায়ক ৰোহিত শৰ্মা আৰু মহেন্দ্ৰ সিং ধোনীয়ে অৰ্জন কৰিব পৰা নাই। ৰোহিতে মুম্বাই ইণ্ডিয়ানছক ৫ বাৰ আৰু ধোনীয়ে চেন্নাই ছুপাৰ কিংছক ৫ বাৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে যদিও দুয়োটা দলে আন কোনো দলৰ হৈ ট্ৰফী লাভ কৰিব পৰা নাই।
সেয়ে শ্ৰেয়াছৰ হাতত আজি সুবৰ্ণ সুযোগ। আজিৰ ফাইনেলখন কেৱল ট্ৰফীৰ বাবে খেল নহয়, ইতিহাস সৃষ্টিৰ এক সোণালী সুযোগ। দুয়োটা দলৰ বাবে আৰু বিশেষকৈ শ্ৰেয়াছ আয়াৰৰ বাবে। এতিয়া কোনে জয়ী হয় সেয়া হ’ব লক্ষ্যণীয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















