ধন সম্পদ আৰু সুখ প্ৰদান কৰে শুক্ৰই৷ আৰু এই গ্ৰহই ৩১ ডিচেম্বৰত অস্ত গৈছিল৷ ভাল খবৰ হৈছে ১ ফেব্ৰুৱাৰীৰ পৰা মকৰ ৰাশিত উদয় হ’ব শুক্ৰৰ৷ আৰু জ্যোতিষমতে শুক্ৰ উদয় হলে কিছু ৰাশিৰ জীৱনত ভাল সময় আৰম্ভ হয়৷ আৰু সেই ট্ৰেণ্ড এইবাৰো অব্যাহত আছে৷ শুক্ৰ জাগি উঠাৰ ফলত তিনি ৰাশিৰ আৰ্থিক লাভ হব৷ কেৰিয়াৰত আগুৱাই যোৱা সম্ভৱ৷ ইয়াৰোপৰি পাৰিবাৰিক জীৱনলৈ আহিব শান্তি৷ সেয়ে সময় নষ্ট নকৰি এই ৩ৰাশিৰ সম্পৰ্কে জানি থওক৷
মিথুন ৰাশি
মিথুন ৰাশিৰ বাবে শুক্ৰ উদয় অনুকূল হব পাৰে৷ আপোনাৰ আত্মবিশ্বাস এই সময় বেছি থাকিব৷ ইয়াৰোপৰি সমাজত আপোনাৰ ছবি মজবুত হৈ পৰিব৷ ইয়াৰোপৰি নতুন সম্পৰ্কতো সোমাই পৰিব পাৰে৷ যাৰ ফলত জীৱনৰ সমস্যাসমূহ দূৰ হ’ব৷ বহুদিন ধৰি যিসকলে প্ৰপাৰ্টি, দোকান আদি আৰম্ভ কৰিব খুজিছিল তেওঁলোকৰ বাবে ভাল সময়৷ ঘৰ সংসাৰলৈ ভাল সময় আহিব৷ বিবাহিত জীৱনৰ সকলো সমস্যা দূৰ হব৷
তুলা ৰাশি
এই সময় শুভ হব তুলা ৰাশিৰ বাবে৷ আপুনি জীৱন যুদ্ধত আগুৱাই যাব পাৰে৷ সুখ আৰু সমৃদ্ধি আহিব৷ সম্পত্তি ক্ৰয়ৰো যোগ আছে৷ ইয়াৰোপৰি কিনিব পাৰে নতুন বাহন৷ ব্যৱসায়ৰ সৈতে যিসকল যুক্ত তেওঁলোকো এই সময়ত আগুৱাই যাব৷ আপোনাৰ ভাল লাভ হব পাৰে৷ মাটি বা প্ৰপাৰ্টিৰ সমস্যা নিষ্পত্তি হব৷ ইয়াৰোপৰি পিতৃ-মাতৃৰ সৈতে সম্পৰ্ক ভাল হব৷ পৰিয়ালৰ সকলোৱে আপোনাৰ নিৰ্ণায়ক ভূমিকাৰ ওপৰত ভৰসা কৰিব৷ কেৱল সেয়াই নহয় এই সময়ত আপুনি ধৈৰ্যবান আৰু সহনশীল হৈ উঠিব৷এই সময়ত মান সন্মান বৃদ্ধি পাব৷
মকৰ ৰাশি
শুক্ৰই আপোনাৰ ৰাশিতে উদয় হৈছে৷ এই সময়ত আত্মবিশ্বাস থাকিব সপ্তমত৷ ইয়াৰোপৰি কেৰিয়াৰত আগুৱাই যাব পাৰে৷ ডাঙৰ কোনো অফাৰো আহিব পাৰে৷ এই সুয়োগত অৰ্থভাগ্য উজলিব৷ হাতলৈ আহিব পাৰে বহু পৰিমাণে ধন৷ পৈতৃক সম্পত্তিও পাব পাৰে৷ ইয়াৰোপৰি পুৰণি কোনো বিনিয়োগৰ পৰাও এই সময়ত ৰিটাৰ্ণ আহিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















