জ্যোতিষ শাস্ত্ৰত সূৰ্য আৰু শুক্ৰৰ যুঁটিৰ ফলত শুক্ৰাদিত্য যোগ তৈয়াৰ হয়৷ বিভিন্ন শুভ যোগৰ মাজত এই যোগ অন্যতম৷ শীঘ্ৰেই মিথুন ৰাশিত শুক্ৰ আৰু সূৰ্ত মিলি এই যোগ তৈয়াৰ কৰিব৷ ১২ জুনৰ পৰা মিথুন ৰাশিত ভ্ৰমণ কৰিছে শুক্ৰই৷ ইয়াৰ পাছতেই ১৫ জুনত সূৰ্যই এই ৰাশিত প্ৰৱেশ কৰিব৷ সূৰ্য আৰু শুক্ৰৰ যুঁটিৰ ফলত শুক্ৰাদিত্য ৰাজযোগ তৈয়াৰ হৈ চাৰি ৰাশিৰ জাতকৰ বাবে সুখবৰ কঢ়িয়াই আনিব৷ জ্যোতিষ অনুসৰি সূৰ্য আৰু শুক্ৰৰ যুঁটিয়ে ধন দৌলত বৃদ্ধিত সহায়ক হৈ ধৰা দিয়ে৷ কেৰিয়াৰত উন্নতিৰ সুবৰ্ণ সুযোগ পাব কেইটামান ৰাশিৰ জাতকে৷ দাম্পত্য জীৱনত আনন্দৰ আগমন হ’ব৷ সমস্ত কামত ভাগ্যৰ সংগ পাব এই ৰাশিৰ জাতকে৷ শুক্ৰাদিত্য ৰাজযোগে কোন কোন ৰাশিৰ ভাগ্যোন্নতি ঘটাব জানি থওক সবিশেষ৷
মেষ ৰাশি
শুক্ৰাদিত্য ৰাজযোগৰ প্ৰভাৱত মেষ ৰাশিৰ জাতকৰ দিন ভাল হ’ব৷ পৰিয়ালৰ লোকৰ পৰা হাতলৈ ধন আহিব৷ চাকৰিয়াল জাতকৰ বৰিষ্ঠ সংখ্যকেই সুমধুৰ সময় কটাব৷ আপোনাৰ কামত উচ্চপদস্ত কৰ্মীসকল প্ৰসন্ন হ’ব৷ আৰ্থিক সমস্যা থাকিলে সেই সমস্যাৰ পৰা মুক্তি পাব এই ৰাশিৰ জাতকে৷ পেছাগত জীৱনত সু-সংবাদ লাভ কৰিব৷
বৃষ ৰাশি
আয়ৰ অপ্ৰত্যাশিত উৎসৰ পৰা ধন লাভ হ’ব বৃষ ৰাশিৰ জাতকৰ৷ শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি পাব৷ জ্যোতিষ গণনা অনুসৰি শুক্ৰাদিত্য ৰাজযোগৰ প্ৰভাৱত জীৱনত সমস্ত ক্ষেত্ৰত সাফল্য লাভ কৰিব৷ দাম্পত্য জীৱনৰ সকলো সমস্যাৰ পৰা মুক্তি পাব৷ কেৰিয়াৰত উন্নতিৰ একাধিক সুবৰ্ণ সুযোগ পাব এই ৰাশিৰ জাতকে৷ জনপ্ৰিয়তা বাঢ়িব৷ সাফল্যৰ শীৰ্ষত উপনীত হ’ব এই ৰাশিৰ জাতক৷
কৰ্কট ৰাশি
জ্যোতিষ শাস্ত্ৰমতে মিথুন ৰাশিত শুক্ৰাদিত্য যোগৰ ফলত কৰ্কট ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিতি উন্নত হ’ব৷ ধন-সম্পত্তি বৃদ্ধি পাব পাৰে৷ কেৰিয়াৰত উন্নতি হ’ব৷ আকস্মিক ধন লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে৷ আৰ্থিক দিশৰ পৰা প্ৰৱল উন্নতি হ’ব৷ ধন-সম্পত্তি বৃদ্ধি পাব৷ অৰ্থাৎ অৰ্থাভাৱত দিন কটালে সেই অৰ্থাভাৱ এইবাৰ দূৰ হ’ব৷
সিংহ ৰাশি
শুক্ৰাদিত্য যোগে সিংহ ৰাশিৰ জাতকৰ চাকৰি আৰু ব্যৱসায়ত উন্নতিৰ পথ প্ৰশস্ত কৰিব৷ চাকৰিয়াল জাতকৰ বাবে এই সময় শুভ৷ কৰ্মক্ষেত্ৰত পৰিস্থিতি অনুকূল থাকিব৷ ব্যৱসায়ীসকলেও অনুকূল সময় কটাব৷ ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰে৷ ধন লাভৰ নতুন পথ উন্মুক্ত হ’ব৷ কাৰ্যালয়ত আপোনাৰ কামৰ প্ৰশংসা শুনিব৷ দাম্পত্য জীৱনত আনন্দৰ আগমন হ’ব এই সময়ত৷ স্বাস্থ্যজনিত সমস্যৰ পৰা মুক্তি পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ