এছ আই জোনমণি ৰাভা! কেৱল অসমৰে নহয়, সমগ্ৰৰ দেশতে চৰ্চিত এটা নাম৷ বিশেষকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত চৰ্চিত এটা নাম৷
প্ৰথমবাৰ বিহপুৰীয়াৰ বিজেপি বিধায়ক ডাঃ অমিয় কুমাৰ ভূঞাৰ ফোন ৰেকৰ্ডিং ভাইৰেল কৰি চৰ্চালৈ আহিছিল৷ বিধায়কগৰাকীৰ ভাবুকিভৰা টেলিফোনিক নিৰ্দেশকো কেৰেপ নকৰি এছ আই জোনমণি ৰাভাই অসমত লেডী সিংঘমৰ আখ্যা লাভ কৰিছিল৷
ইয়াৰ পিছতে ভাবী স্বামী ৰাণা প’গাগক গ্ৰেপ্তাৰ কৰি চৰ্চালৈ আহে এছ আই জোনমণি ৰাভা৷ ভাবী স্বামীক এজন প্ৰৱঞ্চক আৰু প্ৰতাৰক আৰু অ’এনজিচিৰ ভুৱা কৰ্মচাৰীৰ অভিযোগত এছ আই জোনমণি ৰাভাই গ্ৰেপ্তাৰ কৰে৷ আকৌ লেডী সিংঘম জোনমণি ৰাভাৰ জেউতি চৰে৷
লগতে পঢ়ক বৃহদান্ত্ৰৰ প্ৰদাহ ৰোগ বা আইবিডি বিষয়ে জানো আহক…
কিন্তু ইয়াৰ পিছতে এছ আইৰ জোনমণি ৰাভাৰ কীৰিতিয়ে বিপৰীতমুখী দিশে ভাজ লয়৷ এইবাৰ এছ আই জোনমণি ৰাভা ভাৱী স্বামী ৰাণা প’গাগৰ সৈতে প্ৰৱঞ্চনাৰ সৈতে জড়িত থকাৰ অভিযোগত চৰ্চালৈ আহে৷ মাজুলীৰ দুগৰাকীমান ভুক্তভোগীয়ে এছ আই জোনমণি ৰাভাৰ বিৰুদ্ধেও প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰে, বিশেষকৈ ৰাণা প’গাগৰ সৈতে জড়িত থকাৰ গুৰুতৰ অভিযোগ আনি মাজুলীৰ গড়মূৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ এছআই জোনমণি ৰাভাই সেই অভিযোগ নস্যাৎ কৰে৷
কিন্তু উক্ত অভিযোগৰ বিৰুদ্ধে সোধ-পোচা কৰাৰ বাবে গড়মূৰ আৰক্ষীয়ে এছ আই জোনমণি ৰাভাক তলৱ কৰে৷ দুদিনীয়া সোধা-পোচাৰ অন্তত মাজুলী আৰক্ষীয়ে এছ আই জোনমণি ৰাভাক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷ এছ আই জোনমণি ৰাভাই এমাহ ৪ দিন কাৰাগাৰতে কটায়৷ চাকৰিৰ পৰা নিলম্বিত হয় জোনমণি ৰাভা৷ এইদৰেই পুনৰ দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে এছ আই জোনমণি ৰাভা৷
আৰক্ষীৰ মতে এছ আই জোনমণি ৰাভাৰ একাউণ্টত বিভিন্ন লোকে ধন দিয়াৰ তথ্য প্ৰমাণ পোৱা গৈছে৷ এছ আই জোনমণি ৰাভাৰ মতে তেওঁ ষড়যন্ত্ৰৰ বলি হৈছে আৰু সম্পৰ্কত থকাৰ সময়ত ৰাণা প’গাগে তেওঁক বিশ্বাসঘাতকতা কৰি তেওঁৰ নামত বেংক একাউণ্ট খুলি তেওঁৰ নামত ধন সংগ্ৰহ কৰিছিল৷ এছ আই জোনমণি ৰাভাই নিজকে নিদোৰ্ষী বুলিয়েই বাৰম্বাৰ দাবী কৰি আহিছে৷
লগতে পঢ়ক প্ৰেমিকলৈ প্ৰেমিকাৰ এটা মেচেজ! ইয়াৰ বাবেই ৬ ঘণ্টা বিলম্ব ইণ্ডিগ’ বিমানৰ উৰণ
ইফালে কাৰামুক্ত হৈ জোনমণি ৰাভা কি কৰি আছে সেই বিষয়ে সংবাদ মাধ্যমো বৰ বিশেষ উৎসুক হৈ থকা নাছিল৷
কিন্তু হঠাতে ইয়াৰ পিছত এছ আই জোনমণি ৰাভা পুনৰ চৰ্চালৈ আহিছে৷ দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে জোনমণি ৰাভাক দেখা গ’ল আৰক্ষী পোছাকত৷ অৰ্থাৎ নগাঁৱৰ নৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত এছ আই জোনমণি ৰাভাই কৰ্তব্য সম্পাদন কৰা দেখা গ’ল। অৰ্থাৎ এছ আই জোনমণি ৰাভাই চাকৰিৰ পৰা নিলম্বিত হোৱাৰ পিছত পুনৰ চাকৰিত যোগদান কৰিলে!
হয়৷ এছ আই জোনমণি ৰাভাই যোৱা ৮ জুলাইত জামিনত মুক্তি লাভ কৰাৰ পিছতে পুনৰ নগাঁৱতে চাকৰিত যোগদান কৰে৷ বিৰ্তকিত এছ আই জোনমণি ৰাভাক পুনৰ খাকী পোছাকত দেখাৰ পিছতে এতিয়া আকৌ সামাজিক মাধ্যমত চৰ্চা আৰম্ভ হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ