মৃত্যু জীৱনৰ এক কঠিন কিন্তু ধ্ৰুৱ সত্য৷ এজন মানুহে যেতিয়া জীৱনৰ একেবাৰে শেষ পৰ্যায়ত যায় তেতিয়াই শৰীৰে ধীৰে ধীৰে কিছু বিশেষ সংকেত দিবলৈ আৰম্ভ কৰে৷ চিকিৎসাবিদসকলৰ মতে মৃত্যুৰ প্ৰায় ২৪ ঘণ্টা পূৰ্বে কিছু সাধাৰণ লক্ষণ দেখা যায়৷ এই লক্ষণসমূহ জানিলে পৰিয়ালৰ মানুহো কিছু মানসিকভাৱে প্ৰস্তুত হব পাৰে আৰু ৰোগীৰ কাষত আৰু ভালধৰণে থাকিবলৈ সুযোগো লাভ কৰে৷
প্ৰথম লক্ষণ হৈছে শ্বাস প্ৰশ্বাসৰ পৰিবৰ্তন৷ মৃত্যুৰ কাষ চাপোতে শ্বাহ লোৱাৰ সময় ধীৰে ধীৰে অনিয়মিত হবলৈ ধৰে৷ কেতিয়াবা খুবেই ধীৰে ধীৰে শ্বাস চলে আৰু কেতিয়াবা কেইবাছেকণ্ডৰ বাবে শ্বাস বন্ধ হৈ যোৱাৰ দৰে হয়৷ আকৌ শ্বাস আৰম্ভ হয়৷ বহুসময়ত ডিঙিৰ ভিতৰত জমা হৈ থকা কফৰ কাৰণে অদ্ভুত শব্দও শুনা যায়৷ ইয়াক বহুতেই ডেথ ৰেটল বুলি জানে৷ শুনিবলৈ অদ্ভুত লাগিলেও এয়া সকলো সময়তে ৰোগীৰ কষ্টৰ কাৰণ নহয়৷
দ্বিতীয় লক্ষণ হৈছে শৰীৰ ঠাণ্ডা হৈ যোৱা আৰু চালৰ ৰং সলনি হৈ যোৱা৷ মৃত্যুৰ পূৰ্বে শৰীৰত ৰক্তৰ চলাচল কমিবলৈ আৰম্ভ কৰে৷ ইয়াৰ ফলত হাত ভৰি ঠাণ্ডা হৈ যায়৷ ছাল নীলা হৈ পৰে বা শেঁতা যেন হৈ পৰে৷ দাগ দাগো দেখা যায়৷
বিশেষকৈ হাত, ভৰি, আঙুলি আৰু ওঁঠতো পৰিবৰ্তন দেখা যায়৷ বহু সময়ত পৰিয়ালে এই পৰিবৰ্তন দেখি বুজিব পাৰে যে শৰীৰ ধীৰে ধীৰে বন্ধ হৈ আহিছে৷ তৃতীয় লক্ষণ হৈছে সাৰ পোৱাৰ সময় কমি অহা৷ মানুহজনে বেছিকৈ শুবলৈ ধৰে৷ কথা কোৱা কমাই দিয়ে আৰু আশেপাশে থকা মানুহৰ সৈতে যোগাযোগ প্ৰায় বন্ধ কৰি দিয়ে৷ বহু সময়ত তেওঁ অন্যৰ মাতত ৰেচপন্সো নিদিয়া হয়৷
মৃত্যুৰ কাষলৈ আহিলে খোৱাবোৱা কমি যায় পানী খোৱাতো অসুবিধা হয়৷ গিলিবলৈ সমস্যা হব পাৰে৷ চিকিৎসকৰ মতে ই শৰীৰৰ স্বাভাৱিক প্ৰক্ৰিয়া কাৰণ তেতিয়া শৰীৰে পূৰ্বৰ দৰে কাম কৰিব নোৱাৰে৷ ইয়াৰোপৰি বহু সময়ত প্ৰস্ৰাৱ কমি যায় দুৰ্বলতা ইমানেই বাঢ়ে যে বিচনাৰ পৰা ওঠা সম্ভৱ নহয়৷ শৰীৰ সম্পূৰ্ণৰূপে বিশ্ৰামৰ ফালে গতি কৰে৷
বিশেষজ্ঞই কয়, এই সময়ত ৰোগীৰ কাষ শান্ত কৰি ৰখাটো খুবেই জৰুৰী৷ জোৰ কৰি খোৱাবোৱা বা অযথা ভয় খোৱাৰ কাৰণ নাই৷ শান্তভাৱে কথা পাতক আৰু কাষত থাকক সেই অনুভূতি দিয়াটো খুবেই জৰুৰী৷ মনত ৰাখিব সকলো মানুহৰ ক্ষেত্ৰত একেই লক্ষণ একেভাৱে দেখা নাযায়৷ কাৰোবাৰ ক্ষেত্ৰত কিছু লক্ষণ বেছি স্পষ্ট হয় আৰু কাৰোবাৰ ক্ষেত্ৰত কম দেখা যায়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















