মাজ আকাশত থকাৰ সময়ত ধৰা পৰে যান্ত্ৰিক ত্ৰুটি৷ বিমানৰ বিদ্যুৎ ব্যৱস্থাতেই চৰ্ট ছাৰ্কিট হৈ দিল্লীৰ পৰা ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমানখন আকৌ দিল্লীলৈকে ওভতে৷ বিমানখনত আছিল ১৯০ জনী যাত্ৰী৷ সংবাদ সংস্থা পি টি আইয়ে জনাইছে যে ড্ৰিমলাইনাৰৰ বোয়িং ৭৮৭-৯ বিমানখনত অগজিলিয়াৰি পাৱাৰ ইউনিটত জুই লগোৱাৰ সংকেত পায়৷ ইয়াৰ পাছতেই ৰিস্ক ন’লৈ বিমানখনক দিল্লীতেই জৰুৰী অৱতৰণ কৰোৱাই পাইলটে৷ ৰাজধানী বিমানবন্দৰৰ পৰা উৰাৰ পাছত প্ৰায় কেইঘণ্টামান মাজ আকাশত আছিল বিমানখন৷ সেই সময়তেই যান্ত্ৰিক ত্ৰুটি ধৰা পৰে৷ ইয়াৰ পাছতেই বৃহস্পতিবাৰে পুৱতি নিশা ১ বজাত দিল্লীলৈ উভতি আহে বিমানখন৷
এই ঘটনাত দুখঃপ্ৰকাশ কৰি বিবৃত্তি দিছে এয়াৰ ইণ্ডিয়াই৷ সংস্থাৰ মুখপাত্ৰই কয়, ‘বিমানখনে নিৰাপদেই দিল্লীলৈ উভতি আহিছে৷ এই সমস্যাৰ কাৰণে আমি যাত্ৰীসকলৰ ওচৰত ক্ষমা বিচাৰিছো৷ দিল্লীত আমাৰ সংস্থাৰ কৰ্মীয়ে যাত্ৰীসকলক সকলোধৰণে সহায় কৰিছে৷ অন্য এক বিমানেৰে যাত্ৰীসকলক ছিংগাপুৰলৈ লৈ যোৱা হৈছে৷
উল্লেখ কৰা প্ৰয়োজন যে বিগত বছৰ আহমেদাবাদ দুৰ্ঘটনাৰ কৱলত পৰিছইল এয়াৰ ইণ্ডিয়াৰ এখন বিমান৷ বিমানবন্দৰৰ পৰা উৰাৰ কিছু মুহূৰ্তৰ ভিতৰতেই বিমানখন ভাঙি পৰে৷ সেই ঘটনাত ২৬০ জন লোকৰ মৃত্যু হৈছিল৷ আহমেদাবাদ দুৰ্ঘটনাৰ কৱলত পৰা বিমানখন ড্ৰিমলাইনাৰ সংস্থাৰ বিমান আছিল৷ তেতিয়াৰে পৰাই সংস্থাৰ বিমানৰ নিৰাপত্তা প্ৰশ্নৰ মুখত পৰে৷ প্ৰশ্ন উঠিছিল বিমানসমূহৰ ৰক্ষণাবেক্ষণক লৈয়ো৷ সেই ঘটনাৰ পাছতেই আকৌ একাধিকবাৰ এয়াৰ ইণ্ডিয়াৰ বিমানত যান্ত্ৰিক ত্ৰুটি ধৰা পৰিছে৷ তাৰপাছতো কিয় বিমান ঠিক কৰা হোৱা নাই সেই প্ৰশ্নৰ মুখতো পৰিছে এয়াৰ ইণ্ডিয়া৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















