ICCৰ বৰ্ষশ্ৰেষ্ঠ ক্ৰিকেটাৰ নিৰ্বাচিনত ভাৰতৰ স্মৃতি মান্ধানা
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ উপ-অধিনায়ক স্মৃতি মান্ধনাক আই চি চিৰ মহিলা এদিনীয়া ক্ৰিকেটৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত কৰা হৈছে। মান্ধনাই বিগত বৰ্ষত ১৩খন মেচত ৭৪৭ ৰান সংগ্ৰহ কৰি অতি উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল।
এটা কেলেণ্ডাৰ বছৰত স্মৃতিৰ সৰ্বাধিক ৰান এইটোৱেই আছিল। এই সময়ছোৱাত মান্ধনাই ৫৭.৮৬ গড়ে , ৯৫.১৫ ষ্ট্ৰাইক ৰেটত বেটিং কৰিছে।
এই সময়ছোৱাত মান্ধনাই চাৰিটা এদিনীয়া শতকো অৰ্জন কৰিছিল, যিটো মহিলাৰ মাজত এক অন্য অভিলেখ। ২০২৪ চনত মান্ধানাই ৯৫টা চাৰি আৰু ছয় ছয় সংগ্ৰহ কৰি আই চি চি মহিলা চেম্পিয়নশ্বিপত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছিল।
২৮ বৰ্ষীয় মান্ধানাই বিগত বৰ্ষত ১৩ খন মেচত ৭৪৭ ৰান সংগ্ৰহ কৰিছিল। ২০২৪ চনৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছিল মান্ধানা। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২৯টা বলত ২৯ ৰান সংগ্ৰহ কৰি বছৰটোৰ আৰম্ভণি কৰে মান্ধনাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















