মাত্ৰ এটা ৯ মিনিটৰ ভিডিঅ’ ক্লীপ৷ এই ৯ মিনিটৰ ভিডিঅ’ ক্লীপটো ভাইৰেল হোৱাৰ লগে লগে এখন ৰাজ্যৰ আৰক্ষী বিভাগৰ অভ্যন্তৰত তীব্ৰ কঁপনি উঠে৷
ভিডিঅ’টোত দেখা গৈছে এটা কোঠাত আৰক্ষী পোছাক পৰিহিত এজন লোকে এগৰাকী মহিলাৰে অশ্লীল কাৰ্যত প্ৰবৃত্ত হৈ আছে৷
ভাইৰেল হোৱা ভিডিঅ’টোত আৰক্ষী পোছাক পৰিধান কৰি এনে অনৈতিক কাৰ্যত লিপ্ত হোলা লোকডজন হৈছে এজন হেড কনিষ্টবল৷ তেওঁ উত্তৰ প্ৰদেশ আৰক্ষীত কৰ্মৰত৷
লগতে পঢ়ক আকৌ পুৰোহিতৰ কামনাৰ বলি হ’ল কিশোৰী, গৰ্ভৱতী কিশোৰীক হাস্পতালত ভৰ্তি
উত্তৰ প্ৰদেশ আৰক্ষীয়ে প্ৰকাশ কৰা মতে হেড কনিষ্টবলজন হৈছে দীপ সিং৷ তেওঁ বৰ্তমান উন্নাওত কৰ্মৰত আছিল৷
প্ৰকাশ পোৱা মতে ভিডিঅ’টো প্ৰায় ২ বছৰ পুৰণি৷ ঘটনাটোৰ সময়ত আৰক্ষী কনিষ্টবলগৰাকী গংগাঘাট কোতৱালীত কৰ্মৰত আছিল৷
ভিডিঅ’টোৰ পৰা ধাৰণা কৰা হৈছে যে কেমেৰাটো ৰেকৰ্ডিং মোডত ৰাখি আৰক্ষী কনিষ্টবলগৰাকীয়ে নজনাকৈ গোপনে মহিলাগৰাকীয়ে এই ভিডিঅ’টো ৰেকৰ্ডিং কৰিছে৷
লগতে পঢ়ক প্ৰেমিকলৈ ভিডিঅ’ কল কৰি প্ৰেমিকাৰ আত্মহত্যা, গুৱাহাটীৰ ক’ত উদ্ধাৰ হ’ল যুৱতীৰ মৃতদেহ?
ভিডিঅ’টোৱে উত্তৰ প্ৰদেশ আৰক্ষী বিভাগত তুমুল চাঞ্চল্যৰ সৃষ্টি কৰাৰ পিছতে জিলা আৰক্ষী অধীক্ষকে কনিষ্টবলগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷
আৰক্ষী অধীক্ষক দীনেশ ত্ৰিপাঠীয়ে ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে তৎক্ষণাত কাৰ্যকৰী হোৱাকৈ হেড কনিষ্টবল দীপ সিঙক নিলম্বন কৰি ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে৷
ইফালে তদন্তকাৰী আৰক্ষীৰ দলে ভিডিঅ’টোত থকা মহিলাগৰাকীৰো সন্ধানত অভিযান আৰম্ভ কৰা বুলি প্ৰকাশ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ