কৰ’ণা মহামাৰীৰ সময়ত দৰিদ্ৰ প্ৰব্ৰজিত শ্ৰমিক সহায় কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা বলিউদৰ অভিনেতা চুনু ছুডে অতি শীঘ্ৰেই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব পাৰে!
খবৰ অনুসৰি, অভিনেতা চুনু ছুডে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষক সাক্ষাৎ কৰিছে। এই বৈঠকৰ পিছত অতি সোনকালে চুনু ছুডে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব পাৰে বুলি অনুমান কৰা হৈছে।
উল্লেখযোগ্য যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অৰ্থাৎ পঞ্জাৱৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে চুনু ছুদৰ ভগ্নী মালিক মালবিকা ছুদে প্ৰতিদ্বন্দ্বিতা কৰিছিল। চুনু ছুডে ভগ্নীৰ হৈ তীব্ৰ প্ৰচাৰ অভিযানো চলাইছিল। চুনু ছুডে জোৰদাৰ প্ৰচাৰ চলোৱাৰ পিছতো তেওঁৰ ভগ্নী মালবিকা নিৰ্বাচত পৰাস্ত হয়৷
Sonu Sood ने भाजपा राष्ट्रीय संगठन के महासचिव बी.एल. संतोष से की मुलाकात, सूत्रों के मुताबिक जल्द होंगे BJP में शामिल #sonusood @divya_news24 pic.twitter.com/dzIoSJaaFU
— News24 (@news24tvchannel) August 22, 2022
লগতে পঢ়ক প্ৰেমিকলৈ ভিডিঅ’ কল কৰি প্ৰেমিকাৰ আত্মহত্যা, গুৱাহাটীৰ ক’ত উদ্ধাৰ হ’ল যুৱতীৰ মৃতদেহ?
যদি ভাৰতীয় জনতা পাৰ্টীত চুনু ছুডে যোগদান কৰে তেন্তে ই দলটোক পঞ্জাৱত নিজৰ স্থিতি আৰু অধিক শক্তিশালী কৰাত সহায় কৰিব বুলি অনুমান কৰা হৈছে।
বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে কেপ্তেইন অমৰিন্দৰ সিঙৰ দলৰ সৈতে মিত্ৰতা কৰি প্ৰতিদ্বন্দ্বিতা কৰিছিল।
স্মৰ্তব্য যে যোৱা পঞ্জাৱ বিধানসভা নিৰ্বাচনত বিজেপিয়ে বিশেষ সফলতা লাভ কৰা নাছিল৷ আনহাতে আম আদমী পাৰ্টিয়ে নিৰংকুশ সফলতা লাভ কৰি ভগৱন্ত মানৰ নেতৃত্বত চৰকাৰ গঠ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ