সকলো মানুহেই নিজৰ শৰীৰ চালখন মসৃণ, নিমজ আৰু বগা হোৱাটো বিচাৰে৷
আজি আমি আপোনালোকৰ বাবে চালৰ মসৃণতা বৃদ্ধি হোৱা বগা হোৱা কেইটানমান ঘৰুৱা টিপছ্ আগবঢ়াইছো৷
- নেমুৱে আমাৰ চাল অতি নিমজ তথা মসৃণ কৰে৷ তদুপৰি নেমুৰ ৰসত থকা এণ্টিঅক্সিডেণ্টে ছালৰ ৰং উজ্জ্বলতা বৃদ্ধি কৰাত সহায় কৰে৷ নেমুৰ ৰসৰ লগত অলপ পানী নাইবা মৌ মিশ্ৰণ কৰি দহ মিনিটমান মুখত লগাই ধুই দিলেই আপুনি ইয়াৰ পৰা সুফল পাব৷
- অমিতাই আৰু কলে আমাৰ শৰীৰ ৰং বগা কৰে৷ পকা অমিতা আৰু কল একেলগে ফেনেকি তাত অলপ মৌ মিহলি কৰি দিব৷ ইয়াৰ পিছত মিশ্ৰণটো ২০ মিনিটমান মুখত লগাই থ’ব৷ আৰু শুকোৱাৰ পাছত মুখখন ধুই দিব৷
- কেঁচা হালধি আৰু দৈ মিশ্ৰণ কৰি ছালত লগালেও ছাল বগা আৰু মসৃণ হয়৷
- আমি সকলোৱে জানো তিয়ঁহ অতি উপকাৰী ফচল৷ তিয়ঁহৰ ৰস আৰু এলোভেৰা জেল একেলগে মিশ্ৰণ কৰি ছালত লগালেও ছালৰ ৰং বগা আৰু উজ্জ্বল কৰাত সুফল পোৱা যায়৷
- দৈ আৰু চাউলৰ গুৰিয়েও ছালৰ ৰং বগা কৰে৷ ইয়াৰ বাবে এই দুয়োবিধ সামগ্ৰী একেলগে মিশ্ৰণ কৰি ঘণ্টামান মুখত লগাই শুকোৱাৰ পাছত ভালকৈ ঘঁহি ঘঁহি ধুই দিব লাগে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ