• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

3 months ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

8 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

8 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

8 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

9 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

9 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

10 hours ago
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

12 hours ago
UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

12 hours ago
Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

13 hours ago
social media

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

14 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

14 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

সাম্প্ৰতিক পৰিৱেশত অসমীয়া চলচ্চিত্ৰ উদ্যোগে নিৰ্মাণ কৰক 'ছিৰাজ'ৰ দৰেই এখন ছবি

editor by editor
June 20, 2026
in অসম, চিনেমা, বিনোদন, বিবিধ, লেখা
0
হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা
0
SHARES
106
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
আজি বিষ্ণুপ্ৰসাদ ৰাভা দিৱস। আজিৰ এই বিশ্বায়নৰ যুগতো বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে হয়তো ন-কৈ কোৱাৰ প্ৰয়োজন নাই। অসমৰ আন বহু মণীষীৰ বিষয়ে বিস্তৃতভাৱে তৰুণ প্ৰজন্মই নাজানিলেও জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ড০ ভূপেন হাজৰিকাৰ বিষয়ে ভালকৈয়ে জানে। অসমীয়া সংস্কৃতিৰ বিভিন্ন উপাদানত বিষ্ণুৰাভাৰ অৱদান অপৰিসীম। অসমীয়া চলচ্চিত্ৰ জগতৰ ষষ্ঠখন ছবি তথা অসমীয়া চলচ্চিত্ৰ জগতৰ অন্যতম সফল ছবি ‘ছিৰাজ’ ফণী শৰ্মাৰ সৈতে যৌথভাৱে পৰিচালনা কৰিছিল বিষ্ণু প্ৰসাদ ৰাভাই। ছিৰাজ ছবিখনৰ প্ৰযোজনা কৰিছিল তেজপুৰৰ চিত্ৰাৱলী পিকচাৰ্চে। কাহিনী আৰু নিৰ্মাণৰ সময়লৈ যদি লক্ষ্য কৰে তেনেহলে ছিৰাজ নিৰ্মাণ কৰাটো সেই সময়ৰ প্ৰেক্ষাপটত অত্যন্ত সাহসী পদক্ষেপ আছিল। ছিৰাজ নিৰ্মাণ হৈছিল ১৯৪৮ৰ দেশ বিভাজনৰ সময়ত।

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ এক উজ্জ্বল নিদৰ্শন ‘ছিৰাজ’

লক্ষ্মীধৰ শৰ্মাৰ চুটিগল্পৰ আধাৰত সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰা কাহিনীৰে নিৰ্মাণ কৰা ছিৰাজ ছবিখনৰ চিত্ৰনাট্যও লিখিছিল বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মাই। ১৯৪৭ চনৰ দেশ বিভাজনৰ পাছত ভাৰতত হঠাতে সাম্প্ৰদায়িক সংঘাত, হিংসা আৰু অবিশ্বাসৰ পৰিৱেশ সৃষ্টি হৈছিল। ধৰ্মক লৈ দেশ বিভাজন হোৱা সেই অগ্নিগৰ্ভা সময়তে হিন্দু-মুছলমান সম্প্ৰীতিৰ বাৰ্তা লৈ দুয়োগৰাকী স্বনামধন্য শিল্পীয়ে নিৰ্মাণ কৰে ছিৰাজ ছবিখন। ধৰ্মতকৈ যে মানৱতাৰ মূল্য শতগুণে অধিক এই বাৰ্তাৰে নিৰ্মাণ কৰা কালজয়ী ছবিখনৰ কাহিনীৰ দৰেই আছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শ। তেওঁ জাতি, ধৰ্ম আৰু বৰ্ণত কৈ ওপৰত দিছিল মানৱতাক স্থান। অত্যন্ত স্পৰ্শকাতৰ সেই সময়ত হিন্দু-মুছলমানৰ একতাৰ ওপৰত ছবি নিৰ্মাণ কৰাটো এক সাংস্কৃতিক সাহসৰ কাম আছিল, যিটো বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মাই কৰি দেখুৱাইছিল। ছবি নিৰ্মাণৰ বাবে পৰিৱেশ অনুকুল নোহোৱা সেই সময়ত অসমত চলচ্চিত্ৰ নিৰ্মাণৰ আধুনিক অবকাঠামো প্ৰায় নাছিল। সীমিত কেমেৰা, ষ্টুডিঅ’ৰ সুবিধা আৰু আৰ্থিক সংকটৰ মাজতো ছবিখন সম্পূৰ্ণ কৰা হৈছিল। এয়া সেই যুগৰ শিল্পীসকলৰ নিষ্ঠাৰ এক উজ্জ্বল উদাহৰণ। ছবিখনৰ নিৰ্মাণৰ সময়ছোৱাত সন্মুখীন হোৱা আৰ্থিক নাটনি দূৰ কৰিবলৈ ‘বৰুৱা’ চৰিত্ৰত অভিনয় কৰা চন্দ্ৰধৰ গোস্বামীয়ে নিজৰ ‘নিপন’ নামৰ জাহাজখন বিক্ৰী কৰি ২০,০০০ টকা ছবিখনৰ নিৰ্মাণৰ বাবে যোগ দিয়ে বুলি প্ৰবাদ আছে। ইয়াৰ উপৰিও নগাঁৱৰ কাশীপ্ৰসাদ বিহানীৰপৰাও ছবিখন সম্পূৰ্ণ কৰাৰ বাবে ধন লোৱা হৈছিল বুলি মুখ বাগৰা কাহিনী আছে। অৱশেষত বহু

ঘাত-প্ৰতিঘাত নেওচি ছবিগৃহলৈ আহিছিল ছিৰাজ।

 ছবিখন চাবলৈ অসমৰ বিভিন্ন ঠাইৰ পৰা চিনেমা হললৈ হিলদ’ল ভাঙি আহিছিল দৰ্শক। ছিৰাজ ছবিখনৰ বাবে যিমান বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মা প্ৰশংসাৰ পাত্ৰ সিমানেই প্ৰশংসাৰ পাত্ৰ লক্ষীধৰ শৰ্মাই লিখা ছবিখনৰ কাহিনী। ছিৰাজৰ outdoor শ্বুটিং কৰা হৈছিল তেজপুৰ আৰু তেজপুৰৰ আশে-পাশে থকা বিভিন্ন লোকেশ্যনত। আনহাতে indoor শ্বুটিং কৰা হৈছিল কলকাতাৰ কালী ফিল্ম ষ্টুডিঅ’ত। উল্লেখ্য যে কলকাতাৰ কালী ষ্টুডিঅ’ত শ্বুটিং চলি থকা সময়ত কলিকতা, নোৱাখালি আদি ঠাইত তীব্ৰ সাম্প্ৰদায়িক সংঘৰ্ষ হৈ আছিল।

ছিৰাজ আৰু ড০ ভূপেন হাজৰিকা

ছিৰাজ ছবিখনৰ আন এটা উল্লেখযোগ্য দিশ হৈছে ভূপেন হাজৰিকা। ভূপেন হাজৰিকাই এই ছবিখনৰ জৰিয়তে অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰাৰ উপৰিও গানতো কণ্ঠ নিগৰাইছিল। অসমীয়া চলচ্চিত্ৰ ইতিহাসত সুধাকণ্ঠৰ দৰে এগৰাকী মহান শিল্পীৰ চলচ্চিত্ৰ যাত্ৰাৰ আৰম্ভণি হিচাপেও চিৰ স্মৰণীয় ছিৰাজ। ছবিখনৰ ‘অনিল’ নামৰ চৰিত্ৰটোত অভিনয় কৰিছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই। অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰথমখন ৰিমেক ছবি হিচাপেও ইতিহাসৰ পাতত জিলিকি ৰ’ব ‘ছিৰাজ’। ১৯৪৮ত নিৰ্মিত ছিৰাজ ছবিখনৰেই ১৯৮৮ চনত একে নামতেই ৰিমেক কৰিছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই। ৰিমেক ছবিখনৰ পৰিচালনা, সংগীত পৰিচালনা আৰু চিত্ৰনাট্যও লিখিছিল ড০ ভূপেন হাজৰিকাই। ৰিমেক ছবিখনৰ ছুপাৰহিট গানকেইটাত ভূপেন হাজৰিকাৰ উপৰিও কণ্ঠ নিগৰাইছিল লতা মংগেশকাৰ, উষা মংগেশকাৰ, সমৰ হাজৰিকা আৰু মণিমা শইকীয়াই।
ছিৰাজ কেৱল এখন চিনেমাই নহয়, ছিৰাজ স্বাধীনোত্তৰ কালৰ অসমৰ শক্তিশালী সাংস্কৃতিক দলিল। বিভিন্ন কাৰকৰ দ্বাৰা সমাজ এখনৰ সাম্প্ৰদায়িক বিভাজনৰ বিপৰীতে শিল্পই যে মানুহক একতাৰ এনাজৰীৰে বান্ধি ৰাখিব পাৰে বিষ্ণুপ্ৰসাদ ৰাভাৰ ছিৰাজ তাৰেই অন্যতম উদাহৰণ।
এই লেখাটো যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24bishnu prasad rabha
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড
অসম

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

September 13, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

September 13, 2026
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

September 13, 2026
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?
বাণিজ্য

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

September 13, 2026
Next Post
২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.