আজি বিষ্ণুপ্ৰসাদ ৰাভা দিৱস। আজিৰ এই বিশ্বায়নৰ যুগতো বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে হয়তো ন-কৈ কোৱাৰ প্ৰয়োজন নাই। অসমৰ আন বহু মণীষীৰ বিষয়ে বিস্তৃতভাৱে তৰুণ প্ৰজন্মই নাজানিলেও জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ড০ ভূপেন হাজৰিকাৰ বিষয়ে ভালকৈয়ে জানে। অসমীয়া সংস্কৃতিৰ বিভিন্ন উপাদানত বিষ্ণুৰাভাৰ অৱদান অপৰিসীম। অসমীয়া চলচ্চিত্ৰ জগতৰ ষষ্ঠখন ছবি তথা অসমীয়া চলচ্চিত্ৰ জগতৰ অন্যতম সফল ছবি ‘ছিৰাজ’ ফণী শৰ্মাৰ সৈতে যৌথভাৱে পৰিচালনা কৰিছিল বিষ্ণু প্ৰসাদ ৰাভাই। ছিৰাজ ছবিখনৰ প্ৰযোজনা কৰিছিল তেজপুৰৰ চিত্ৰাৱলী পিকচাৰ্চে। কাহিনী আৰু নিৰ্মাণৰ সময়লৈ যদি লক্ষ্য কৰে তেনেহলে ছিৰাজ নিৰ্মাণ কৰাটো সেই সময়ৰ প্ৰেক্ষাপটত অত্যন্ত সাহসী পদক্ষেপ আছিল। ছিৰাজ নিৰ্মাণ হৈছিল ১৯৪৮ৰ দেশ বিভাজনৰ সময়ত।
হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ এক উজ্জ্বল নিদৰ্শন ‘ছিৰাজ’
লক্ষ্মীধৰ শৰ্মাৰ চুটিগল্পৰ আধাৰত সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰা কাহিনীৰে নিৰ্মাণ কৰা ছিৰাজ ছবিখনৰ চিত্ৰনাট্যও লিখিছিল বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মাই। ১৯৪৭ চনৰ দেশ বিভাজনৰ পাছত ভাৰতত হঠাতে সাম্প্ৰদায়িক সংঘাত, হিংসা আৰু অবিশ্বাসৰ পৰিৱেশ সৃষ্টি হৈছিল। ধৰ্মক লৈ দেশ বিভাজন হোৱা সেই অগ্নিগৰ্ভা সময়তে হিন্দু-মুছলমান সম্প্ৰীতিৰ বাৰ্তা লৈ দুয়োগৰাকী স্বনামধন্য শিল্পীয়ে নিৰ্মাণ কৰে ছিৰাজ ছবিখন। ধৰ্মতকৈ যে মানৱতাৰ মূল্য শতগুণে অধিক এই বাৰ্তাৰে নিৰ্মাণ কৰা কালজয়ী ছবিখনৰ কাহিনীৰ দৰেই আছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শ। তেওঁ জাতি, ধৰ্ম আৰু বৰ্ণত কৈ ওপৰত দিছিল মানৱতাক স্থান। অত্যন্ত স্পৰ্শকাতৰ সেই সময়ত হিন্দু-মুছলমানৰ একতাৰ ওপৰত ছবি নিৰ্মাণ কৰাটো এক সাংস্কৃতিক সাহসৰ কাম আছিল, যিটো বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মাই কৰি দেখুৱাইছিল। ছবি নিৰ্মাণৰ বাবে পৰিৱেশ অনুকুল নোহোৱা সেই সময়ত অসমত চলচ্চিত্ৰ নিৰ্মাণৰ আধুনিক অবকাঠামো প্ৰায় নাছিল। সীমিত কেমেৰা, ষ্টুডিঅ’ৰ সুবিধা আৰু আৰ্থিক সংকটৰ মাজতো ছবিখন সম্পূৰ্ণ কৰা হৈছিল। এয়া সেই যুগৰ শিল্পীসকলৰ নিষ্ঠাৰ এক উজ্জ্বল উদাহৰণ। ছবিখনৰ নিৰ্মাণৰ সময়ছোৱাত সন্মুখীন হোৱা আৰ্থিক নাটনি দূৰ কৰিবলৈ ‘বৰুৱা’ চৰিত্ৰত অভিনয় কৰা চন্দ্ৰধৰ গোস্বামীয়ে নিজৰ ‘নিপন’ নামৰ জাহাজখন বিক্ৰী কৰি ২০,০০০ টকা ছবিখনৰ নিৰ্মাণৰ বাবে যোগ দিয়ে বুলি প্ৰবাদ আছে। ইয়াৰ উপৰিও নগাঁৱৰ কাশীপ্ৰসাদ বিহানীৰপৰাও ছবিখন সম্পূৰ্ণ কৰাৰ বাবে ধন লোৱা হৈছিল বুলি মুখ বাগৰা কাহিনী আছে। অৱশেষত বহু
ঘাত-প্ৰতিঘাত নেওচি ছবিগৃহলৈ আহিছিল ছিৰাজ।
ছবিখন চাবলৈ অসমৰ বিভিন্ন ঠাইৰ পৰা চিনেমা হললৈ হিলদ’ল ভাঙি আহিছিল দৰ্শক। ছিৰাজ ছবিখনৰ বাবে যিমান বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মা প্ৰশংসাৰ পাত্ৰ সিমানেই প্ৰশংসাৰ পাত্ৰ লক্ষীধৰ শৰ্মাই লিখা ছবিখনৰ কাহিনী। ছিৰাজৰ outdoor শ্বুটিং কৰা হৈছিল তেজপুৰ আৰু তেজপুৰৰ আশে-পাশে থকা বিভিন্ন লোকেশ্যনত। আনহাতে indoor শ্বুটিং কৰা হৈছিল কলকাতাৰ কালী ফিল্ম ষ্টুডিঅ’ত। উল্লেখ্য যে কলকাতাৰ কালী ষ্টুডিঅ’ত শ্বুটিং চলি থকা সময়ত কলিকতা, নোৱাখালি আদি ঠাইত তীব্ৰ সাম্প্ৰদায়িক সংঘৰ্ষ হৈ আছিল।
ছিৰাজ আৰু ড০ ভূপেন হাজৰিকা
ছিৰাজ ছবিখনৰ আন এটা উল্লেখযোগ্য দিশ হৈছে ভূপেন হাজৰিকা। ভূপেন হাজৰিকাই এই ছবিখনৰ জৰিয়তে অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰাৰ উপৰিও গানতো কণ্ঠ নিগৰাইছিল। অসমীয়া চলচ্চিত্ৰ ইতিহাসত সুধাকণ্ঠৰ দৰে এগৰাকী মহান শিল্পীৰ চলচ্চিত্ৰ যাত্ৰাৰ আৰম্ভণি হিচাপেও চিৰ স্মৰণীয় ছিৰাজ। ছবিখনৰ ‘অনিল’ নামৰ চৰিত্ৰটোত অভিনয় কৰিছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই। অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰথমখন ৰিমেক ছবি হিচাপেও ইতিহাসৰ পাতত জিলিকি ৰ’ব ‘ছিৰাজ’। ১৯৪৮ত নিৰ্মিত ছিৰাজ ছবিখনৰেই ১৯৮৮ চনত একে নামতেই ৰিমেক কৰিছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই। ৰিমেক ছবিখনৰ পৰিচালনা, সংগীত পৰিচালনা আৰু চিত্ৰনাট্যও লিখিছিল ড০ ভূপেন হাজৰিকাই। ৰিমেক ছবিখনৰ ছুপাৰহিট গানকেইটাত ভূপেন হাজৰিকাৰ উপৰিও কণ্ঠ নিগৰাইছিল লতা মংগেশকাৰ, উষা মংগেশকাৰ, সমৰ হাজৰিকা আৰু মণিমা শইকীয়াই।
ছিৰাজ কেৱল এখন চিনেমাই নহয়, ছিৰাজ স্বাধীনোত্তৰ কালৰ অসমৰ শক্তিশালী সাংস্কৃতিক দলিল। বিভিন্ন কাৰকৰ দ্বাৰা সমাজ এখনৰ সাম্প্ৰদায়িক বিভাজনৰ বিপৰীতে শিল্পই যে মানুহক একতাৰ এনাজৰীৰে বান্ধি ৰাখিব পাৰে বিষ্ণুপ্ৰসাদ ৰাভাৰ ছিৰাজ তাৰেই অন্যতম উদাহৰণ।
এই লেখাটো যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ