অসুস্থ হৈ পৰিছে ছোনিয়া গান্ধী৷ ছিমলা ভ্ৰমণলৈ যোৱাৰ সময়তে হঠাৎ অসুস্থ হৈ পৰিছে প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰীগৰাকী৷ তাৎক্ষণিকভাৱে তেওঁক ছিমলাৰ ইন্দিৰা গান্ধী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ তাতেই তেওঁৰ শাৰীৰিক পৰীক্ষানিৰীক্ষা চলি আছে৷ ইতিমধ্যে MRI ও কৰোৱা হৈছে৷
কিছুদিন ধৰি অসুস্থ হৈ স্বাস্থ্য কিছু সুস্থ হোৱাৰ পাছতেই ছিমলালৈ গৈছিল ছোনিয়া গান্ধী৷ দুবাৰকৈ তেওঁ কভিডতো আক্ৰান্ত হৈছিল৷ কভিডৰ পৰা উঠাৰ পাছতেই নানান শাৰীৰিক জটিলতাত ভূগি আছে কংগ্ৰেছ সভানেত্ৰীগৰাকী৷ সূত্ৰৰ খবৰ অনুসৰি আজি শনিবাৰে আকৌ অসুস্থ হৈ পৰে ছোনিয়া গান্ধী৷ কিন্তু তেওঁৰ কি অসুখ হৈছে বৰ্তমানো জানিব পৰা হোৱা নাই৷ অসুস্থতাৰ বাবে ছিমলাৰ সকলোতকৈ নামী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে তেওঁক৷ ইতিমধ্যেই হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱেও ছোনীয়া গান্ধীক দেখা কৰিবলৈ হাস্পতাললৈ ৰাওনা হৈছে৷
বিগত সোমবাৰে ছিমলালৈ গৈছে প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰী৷ কন্যা প্ৰিয়ংকা গান্ধীৰ ছিমলাত থকা বাসভৱনলৈ গৈছে তেওঁ৷ মন্দিৰলৈ যোৱাৰ পৰিকল্পনা আছিল কংগ্ৰেছৰ সংসদীয় নেত্ৰী ছোনীয়া গান্ধীৰ৷ কিন্তু হঠাতে তেওঁ অসুস্থ হৈ পৰে৷ কৰ্ণাটকত অনুষ্ঠিত নৱ সত্যাগ্ৰহ বৈঠকত অসুস্থতাৰ বাবেই তেওঁ যোগ দিব নোৱাৰিলে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















