আজি নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ মুকলি কৰে মুখ্যমন্ত্ৰীয়ে। শীঘ্ৰে আহিব নিযুত বাবু আৰু নিযুত মইনা আঁচনিত বিশেষ সংশোধন। মুখ্যমন্ত্ৰীয়ে নতুনকৈ ৭০ হাজাৰ ছাত্ৰক দিয়া হ’ব নিযুত বাবু আঁচনিৰ ধন। এতিয়াৰে পৰা ৭ম ষান্মাষিকৰ শিক্ষার্থীয়েও পাব আঁচনিৰ সুবিধা। কেৱল নিয়মীয়া শিক্ষার্থীয়েহে লাভ কৰিব এই আঁচনি।
একাদশ, দ্বাদশ শ্ৰেণীৰ ছাত্ৰীয়ে মাহেকত পাব ৮০০ টকা, স্নাতক বৰ্ষৰ ছাত্ৰীয়ে প্ৰতি মাহে পাব ১২৫০ টকাকৈ আৰু স্নাতকোত্তৰ ছাত্ৰীসকলে প্ৰতিমাহে পাব ২৫০০ টকা। স্নাতকোত্তৰ মহলাৰ বিবাহিত ছাত্রীয়েও লাভ কৰিব এই সাহায্য, কিন্তু স্নাতক মহলাৰ বিবাহিত ছাত্রী বঞ্চিত হ’ব এই সুবিধাৰ পৰা। মূলতঃ বাল্যবিবাহ প্ৰতিৰোধৰ উদ্দেশ্যেই এই আঁচনি। ইফালে নিযুত বাবুৰ স্নাতক পাঠ্যক্ৰমৰ ছাত্ৰই প্ৰতি মাহে পাব ১ হাজাৰ টকা পাব, আনহাতে স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰই প্ৰতিমাহে লাভ কৰিব ২ হাজাৰকৈ টকা।
আজি মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচী। বানপীড়িত ৪ জিলাৰ বিদ্যালয়লৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে বহুতো ডাঙৰ ডাঙৰ কথা ঘোষণা কৰে। চৰাইদেউ, শিৱসাগৰৰ শিক্ষাৰ্থীলৈ মুখ্যমন্ত্ৰীৰ বিশেষ সাহায্য আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয়, কিতাপ কিনিবৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দিব ধন। HS ত ১০০০, ডিগ্ৰীত ৩০০০ আৰু স্নাতকোত্তৰৰ শিক্ষাৰ্থীক ৫ হাজাৰ, পলিটেকনিক, Bed শিক্ষাৰ্থীকো আজিয়ে ধন প্ৰদান কৰিব বুলি আশ্বাস দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















