অসম লাইভ ২৪ঃ কাইলৈৰ পৰা ৰাজ্যত আৰম্ভ হ’ব পৰ্যটকৰ বাবে বিশেষ সুবিধাসম্পন্ন ভিষ্টাদ’ম ৰে’ল সেৱা৷ গুৱাহাটী আৰু নিউ হাফলংৰ মাজত চলিব এই ৰে’ল সেৱা৷ অত্যাধুনিক সুবিধাসম্পন্ন এই বিশেষ ৰে’ল সেৱাৰ জৰিয়তে অসমলৈ অহা পৰ্যটকসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে উত্তৰ-পূব সীমান্ত ৰে’লৱেই৷ অসমৰ লগতে পশ্চিম বংগত শনিবাৰৰ পৰা আৰম্ভ হ’ব এই ভিষ্টাদ’ম ৰে’ল সেৱা৷ ৪৪গৰাকী যাত্ৰীৰে প্ৰাৰম্ভিক পৰ্যায়ত আৰম্ভ হ’ব ৰে’ল সেৱা৷ প্ৰথম অৱস্থাত সপ্তাহত দুদিনকৈ অৰ্থাৎ বুধবাৰ আৰু শনিবাৰে উপলব্ধ হ’ব এই সুবিধা৷ গুৱাহাটীত পুৱা ৬.৩৫ বজাত যাত্ৰা আৰম্ভ হৈ ১১.৫৫ বজাত নিউ হাফলঙত উপস্থিত হ’ব৷ উন্নতমানৰ প্ৰযুক্তিৰে নিৰ্মিত এই ৰে’লত যাত্ৰাৰ সময়ত যাত্ৰীসকলে নিজৰ আসন ৩৬০ ডিগ্ৰী ঘূৰাই উপভোগ কৰিব পাৰিব প্ৰকৃতিৰ নান্দনিক সৌন্দৰ্য্য৷ অসমৰ পৰ্যটন ক্ষেত্ৰত বিশেষ অৰিহণা যোগোৱাৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰে’লৱে আৰম্ভ কৰিছে এই বিশেষ ৰে’ল সেৱা৷ যাত্ৰীৰ মনোৰঞ্জনৰ বাবে ৱাইফাইৰ সুবিধা আৰু সুৰক্ষাৰ বাবে CCTV কেমেৰা, ফায়াৰ এলাৰ্মৰ ব্যৱস্থা আছে ৰে’লত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ