অসম লাইভ২৪ঃ জ্যোতিষ শাস্ত্ৰ অনুসৰি আত্মাৰ কাৰক গ্ৰহ সূৰ্যই ৰাশি পৰিবৰ্তন কৰিলে সমস্ত ব্যক্তিৰ জাতকৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে৷ গোচৰকালত সূৰ্যই বিভিন্ন গ্ৰহৰ সৈতে যুটি বান্ধে৷ এই যুঁটিয়ে ব্যক্তিৰ জীৱনত শুভ আৰু অশুভ দুয়োটা প্ৰভাৱেই বিস্তাৰ কৰে৷ জ্যোতিষ গণনা অনুসৰি বৃষ ৰাশিত উপস্থিত সূৰ্যই বৰ্তমান কেতুৰ সৈতে মিলি নৱপঞ্চম যোগ তৈয়াৰ কৰিছে৷ এই সময়ত ৰাহু কন্যা আৰু সূৰ্যই বৃষ ৰাশিত অৱস্থান কৰিছে৷ এই দুই গ্ৰহই পৰস্পৰৰ সৈতে নৱম আৰু পঞ্চম স্থানত অৱস্থান কৰিছে৷ যাৰ ফলত সূৰ্যই কেতুৰ সৈতে মিলি নৱপঞ্চম যোগ তৈয়াৰ কৰিছে৷ এই যোগৰ প্ৰভাৱত তিনি ৰাশিৰ জাতকৰ উন্নতি হ’ব৷
কৰ্কট ৰাশি
নৱপঞ্চম যোগ কৰ্কট ৰাশিৰ জাতকৰ বাবে অত্যন্ত কাৰ্যকৰী৷ সমাজত মান-সন্মান বৃদ্ধি পাব৷ আৰ্থিক দিশৰ পৰা উন্নতি হ’ব৷ উচ্চাধিকাৰীসকলৰ সৈতে সুসম্পৰ্ক স্থাপন কৰিব এই ৰাশিৰ জাতকে৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷ বন্ধুৰ সৈতে কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷ দাম্পত্য জীৱনত আনন্দ থাকিব৷ পাৰস্পৰিক বুজাপৰা থাকিব৷ আৰ্থিক পৰিস্থিতি উন্নত থাকিব৷ ব্যৱসায়ত লাভ অৰ্জন কৰিব পাৰে এই ৰাশিৰ জাতকে৷ সুখ-সম্পত্তি অৰ্জন কৰিব পাৰে৷ চাকৰিয়াল জাতকৰ প্ৰচুৰ লাভ অৰ্জনৰ সম্ভাৱনা আছে৷ পদোন্নতি হ’ব৷ দৰমহা বৃদ্ধি হ’ব পাৰে৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকৰ বাবে নৱপঞ্চম যোগ অত্যন্ত লাভজনক প্ৰমাণিত হ’ব৷ পেছাগত জীৱন লাভাম্বিত হোৱাৰ সম্ভাৱনা আছে৷ সমাজত পদ-প্ৰতিষ্ঠা বৃদ্ধি পাব৷ ইয়াৰোপৰি পিতৃৰ সহযোগিতা অৰ্জন কৰিব পাৰে৷ কেৰিয়াৰত স্থায়ীত্ব থাকিব৷ পাৰিবাৰিক পৰিবেশ ভাল৷ মাতৃৰ স্বাস্থ্যজনিত সমস্যা দূৰ হ’ব৷ নিজৰ কামৰ বলত নিজা পৰিচয় গঢ়ি তুলিব৷ এই সময়ত চাকৰি পৰিবৰ্তনো কৰিব পাৰে৷ প্ৰচুৰ লাভ অৰ্জন কৰিব পাৰে৷ ব্যৱসায় বৃদ্ধি আৰু সম্প্ৰসাৰণ সম্ভৱ৷
মীন ৰাশি
মীন ৰাশিৰ জাতকৰ বাবে নৱপঞ্চম যোগ অত্যন্ত লাভজনক৷ এই ৰাশিৰ জাতকে নতুন কিছু জ্ঞান অৰ্জন কৰিব পাৰে৷ নিজৰ চখক পেছালৈ পৰিণত কৰিব পাৰে৷ জীৱনত আনন্দৰ আগমণ ঘটিব৷ দীৰ্ঘদিন ধৰি চলি থকা পাৰিবাৰিক বিবাদৰ সমাধান হ’ব৷ ইয়াৰোপৰি বন্ধুৰ সৈতে ভাল সময় কটাব৷ এই নৱপঞ্চম যোগে চাকৰিয়াল জাতকৰ জীৱনলৈ আনন্দ কঢ়িয়াই আনিব৷ চৰকাৰী চাকৰিয়াল জাতকে তেওঁলোকৰ পছন্দৰ স্থানত যাব পাৰে৷ আইনী গোচৰত সাফল্য লাভ কৰিব৷ চাকৰি পৰিবৰ্তনৰ কথা ভাৱিলে এই সময়ত লাভ হ’ব৷ ব্যৱসায়ত পৰিশ্ৰম কৰিব পাৰে৷ এই ক্ষেত্ৰত সাফল্য লাভ সম্ভৱ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ