অসম লাইভ২৪ঃ ডিচেম্বৰৰ শেষত তৈয়াৰ হৈছে আদিত্য মঙল যোগ। সূৰ্য আৰু মঙলৰ যুঁটিৰ ফলত এই ৰাজযোগ তৈয়াৰ হ’ব। যাৰ ফলত ২০২৪ চনৰ আৰম্ভণিতে ভাগ্য চমকি উঠিব কেইটামান ৰাশিৰ জাতকৰ। জ্যোতিষ গণনা অনুসৰি ২৮ডিচেম্বৰত মঙলে ধনু ৰাশিত প্ৰৱেশ কৰিব। এই ৰাশিত পূৰ্বৰে পৰাই সূৰ্যই অৱস্থান কৰি আছে। ধনু ৰাশিত সূৰ্য আৰু মঙলৰ যুঁটিৰ ফলত শুভ যোগ তৈয়াৰ হৈছে। নতুন বছৰতেই সুফল লাভ কৰিব কেইটামান ৰাশিৰ জাতকে। আয় বৃদ্ধি, ব্যৱসায়, প্ৰেম আৰু পাৰিবাৰিক জীৱনত উন্নতি সম্ভৱ হ’ব। সূৰ্য আৰু মঙলৰ আদিত্য মঙল যোগ কোন কোন ৰাশিৰ বাবে শুভ জানি থওক সবিশেষ।
মেষ ৰাশি
মেষ ৰাশিৰ জাতকৰ বাবে আদিত্য মঙল যোগ শুভ ফলদায়ী। কাৰণ আপোনাৰ ৰাশিৰ নৱম স্থানত এই ৰাজযোগ তৈয়াৰ হৈছে। আপুনি এই সময়ত ভাগ্যৰ সংগ পাব। ইয়াৰোপৰি একাধিক পৰিকল্পনা পূৰণ হ’ব। ২০২৪ চনত একাধিক সুসংবাদো লাভ কৰিব এই ৰাশিৰ জাতকে। দেশ বিদেশ যাত্ৰাৰ পৰিকল্পনা থাকিলে সফল হ’ব। কেৰিয়াৰত একাধিক সুযোগ লাভ কৰিব। এই ৰাশিৰ বেকাৰ যুৱকে চাকৰি পাব। ধৰ্মীয় বা মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে এই ৰাশিৰ জাতকে।
সিংহ ৰাশি
জ্যোতিষ অনুসৰি আদিত্য মঙল ৰাজযোগ সৃষ্টি হোৱাত ধনু ৰাশিৰ জাতকৰ বাবে ভাল খবৰ আহিব। এই ৰাশিৰ গোচৰ কোষ্ঠীৰ পঞ্চম স্থানত এই যোগ তৈয়াৰ হৈছে। সন্তান সংক্ৰান্তিয় কোনো সু সংবাদ পাব সিংহ ৰাশিৰ জাতকে। প্ৰেমৰ সম্পৰ্কত লিপ্ত থাকিলে ভাল ফল পাব। ইয়াৰোপৰি ব্যক্তিৰ আধ্যাত্মিক, জ্যোতিষ, ধৰ্মীয় ক্ষেত্ৰত যুক্ত হৈ সুখী অনুভৱ কৰিব। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ মাধ্যমেৰে লাভাম্বিত হ’ব। আকস্মিক ধন লাভ কৰিব এই ৰাশিৰ জাতকে।
ধনু ৰাশি
ধনু ৰাশিত আদিত্য মঙল যোগ তৈয়াৰ হৈছে। এই ৰাশিৰ জাতকৰ বাবে ভাল খবৰ আহিব। এই সময়ত ধনু ৰাশিৰ জাতকৰ সাহস আৰু পৰাক্ৰম বৃদ্ধি পাব। ইয়াৰোপৰি ২০২৪ চনত ভাল সময় আহিব এই ৰাশিৰ জাতকৰ। এই সময়ত ধনু ৰাশিৰ জাতকৰ ব্যক্তিত্ব উন্নত হ’ব। বুদ্ধি, বিচক্ষণতাৰে কৰ্মত উন্নতি কৰিব। কেৰিয়াৰত উন্নতিৰ একাধিক যোগ আছে। আয় বৃদ্ধিৰো যোগ আছে। মান সন্মান প্ৰতিষ্ঠা বাঢ়িব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ