কেনে আছে ক্ৰিকেটাৰ সুনীল নাৰিন! গুৱাহাটীৰ হাস্পতালৰ পৰা ৰিলিজ পালে নে
গুৱাহাটীলৈ খেলিবলৈ আহি হঠাতে অসুস্থ হৈ পৰিছিল বিস্ফোৰক অলৰাউণ্ডাৰ সুনীল নাৰিন। কলকাতা দলৰ সদস্য ক্ৰিকেটাৰ গৰাকী ২৫ তাৰিখৰ নিশা হঠাৎ অসুস্থ হৈ পৰাত গুৱাহাটীতে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।
যাৰ ফলত ২৬ তাৰিখৰ ৰাজস্থানৰ বিৰুদ্ধে হোৱা খেল খনৰ অংশ হব পৰা নাছিল খেলুৱৈগৰাকী। নাৰিনৰ অনুপস্থিতিত মইন আলীয়ে কলকাতাৰ হৈ খেলে। লগতে দলে ৮ উইকেটত ৰাজস্থানৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে।
আনহাতে ২৫ তাৰিখৰ নিশা হঠাতে পেটৰ ৰোগত অসুস্থ হৈ ডায়েৰিয়া আৰু জ্বৰত আক্ৰান্ত হোৱাত খেলুৱৈগৰাকীক মহানগৰীৰ আগশাৰীৰ ব্যক্তিগত হাস্পতাল হেল্থ চিটিত ভৰ্তি কৰে।
বৰ্তমানে খেলুগৰাকী সুস্থ হোৱাত আজি পুৱা চিকিৎসকৰ পৰামৰ্শ অনুসৰি হাস্পতালৰ পৰা যাবলৈ দিয়া হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ