আঁঠদিনৰ অভিযানত মহাকাশলৈ গৈছিল৷ কিন্তু মহাকাশৰ পৰা উভতি আহিল ৯মাহৰ পাছত৷ বুধবাৰে পুৱতি নিশা পৃথিৱীত ভৰি দিলে সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযাত্ৰী বেৰি বুচ উইলমোৰে৷ তেওঁলোকৰ সৈতে পৃথিৱীলৈ উভতি আহিছে নাছাৰ আৰু এগৰাকী মহাকাশচাৰী নিক হেগ আৰু ৰাছিয়াৰ ROSCOSMOSৰ আলেকজাণ্ডাৰ গৰবুনভ৷ পৃথিৱীলৈ উভতিলেও এতিয়াও ঘৰলৈ যাব নোৱাৰিব সুনীতা উইলিয়ামছ৷ কোৱাৰেণ্টাইনত থাকিব লাগিব৷ দীৰ্ঘদিন মহাকাশত থকাৰ ফলত তেওঁলোকৰ শৰীৰত একাধিক পৰিবৰ্তন ঘটিছে৷ কি কি পৰিবৰ্তন ঘটিছে শৰীৰৰ এতিয়াও মুকলিকৈ জনোৱা নাই NASA. মহাকাশত দীৰ্ঘসময় থাকিলে শৰীৰৰ যি সমূহ পৰিবৰ্তন ঘটে তাৰমাজত উল্লেখযোগ্য হৈছে উচ্চতা বাঢ়ি যোৱা৷
বুধবাৰে যেতিয়া পৃথিৱীত অৱতৰণ কৰিছিল সুনীতাই সেই সময়ত উঠি ঠিয় হোৱাৰ ক্ষমতাও নাছিল নভোশ্চৰসকলৰ৷ দুই-তিনিগৰাকী ব্যক্তিয়ে তুলি ধৰিবলগীয়া হৈছিল তেওঁলোকক৷ খোজকঢ়াৰ শক্তিও নাছিল, ফলত ষ্ট্ৰেচাৰত শুৱাই লৈ যোৱা হৈছিল৷ তাৰ পৰাই ষ্টান হিউষ্টনত থকা NASAৰ Johnson Space Center-লৈ পঠিওৱা হয় সকলোকে৷ তাতেই আগন্তুক ৪৫ দিন ধৰি তেওঁলোকৰ পুনৰ্বাসন চলিব৷ পূৰ্বৰ দৰে যাতে স্বাভাৱিকভাৱে খোজ কাঢ়িব পাৰে, পৃথিৱীৰ পৰিবেশৰ সৈতে চলিব পাৰে তাৰ প্ৰশিক্ষণ চলিব৷
কিন্তু মহাকাশত থাকিলে শৰীৰত যিয়েই পৰিবৰ্তন ঘটক কিন্তু উচ্চতা বঢ়া বিষয়টোত সকলো আচৰিত হয়৷ ইয়াৰ উত্তৰ অৱশ্যে নাছাই নিজেই দিছে৷ তেওঁলোকে জনাইছে মধ্যাকৰ্ষণ শক্তিৰ বাহিৰত দীৰ্ঘদিন থাকিলে শিৰসমূহৰ বিন্যাস ঘটে৷ পৃথিৱীত মধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত শিৰসমূহ সংকুচিত অৱস্থাত থাকে৷ মহাকাশত শিৰ সংকুচিত হবলৈ মধ্যাকৰ্ষণ শক্তি নাথাকে৷ ফলত অস্থিসন্ধিৰ মাজৰ অংশৰ প্ৰসাৰণ ঘটে৷ ইয়াৰ ফলত মহাকাশচাৰীৰ উচ্চতা ২ ইঞ্চি পৰ্যন্ত বাঢ়ি যায়৷
কিন্তু এই উচ্চতাবৃদ্ধি সাময়িক৷ যিমানদিন মধ্যাকৰ্ষণ শক্তিৰ বাহিৰত থাকে তেতিয়া মহাকাশচাৰীৰ উচ্চতা বাঢ়িলে সেইখিনি আকৌ পৃথিৱীলৈ অহাৰ পাছত কমি যায়৷ পৃথিৱীলৈ উভতি অহাৰ পাছত মধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত আকৌ শিৰসমূহ সংকুচিত হৈ স্বাভাৱিক অৱস্থালৈ আহে৷ ফলত কেই সপ্তাহৰ মাজত আকৌ উচ্চতা আকৌ আগৰ সমান হৈ পৰে৷ মধ্যাকৰ্ষণ শক্তিৰ বাহিৰত মহাকাশচাৰীসকলৰ শৰীৰত কি কি প্ৰভাৱ পৰে সেই বিষয়ক লৈ বিগত ৫০ বছৰ ধৰি গৱেষণা কৰিছে নাছাই৷ তেওঁলোকৰ সেই গৱেষণা প্ৰকল্পৰ নাম Human Research Programme.
ইয়াৰোপৰি দীৰ্ঘদিন মহাকাশত থাকিলে পেশীৰ ক্ষমতা কমি যায়, ক্ষয় আৰম্ভ হয় হাঁড়ৰ, কমি যায় সহ্যশক্তি, শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও কমে৷ পৃথিৱীত মানুহে যি স্বতঃস্ফুত আচৰণ কৰে মধ্যাকৰ্ষণ শক্তিৰ বাহিৰত সেয়া নাথাকে৷ স্নায়ুতন্ত্ৰৰ কাৰ্যকৰিতাৰ ওপৰত প্ৰভাৱ পৰে, হেৰাই যায় নমনীয়তা৷ পৃথিৱীত শৰীৰৰ যি স্বাভাৱিক ৰক্ততাপ, মহাকাশত সেয়া নাথাকে৷ বৰং মধ্যাকৰ্ষণ শক্তিৰ বাহিৰত থকাৰ ফলত শৰীৰ থকা তৰল ঊৰ্ধমুখী হৈ সঞ্চালিত হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ