উচ্চতম ন্যায়ালয়ৰ তদন্ত আৰম্ভ, বহু টকাৰ লগতে উদ্ধাৰ হৈছিল অৰ্ধজ্বলিত নোট
দিল্লী উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ বাসগৃহৰ পৰা বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰাৰ অভিযোগত উচ্চতম ন্যায়ালয়ৰ আভ্যন্তৰীণ সমিতিৰ তদন্ত আৰম্ভ হৈছে। উচ্চতম ন্যায়ালয়ে এই আভ্যন্তৰীণ সমিতিৰ বাবে তিনিজনীয়া এটা দলো নিযুক্তি দিছে।
লাভ কৰা তথ্য অনুসৰি তিনিজনীয়া দলটোত আছে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ শ্বীল নাগু, হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জি এছ সন্ধাৱলিয়া আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অনু শিৱৰমণ।
তদন্তৰ সময়ত সমিতিৰ সদস্যসকল ন্যায়াধীশ ভাৰ্মাৰ চৰকাৰী বাসগৃহৰ ভিতৰতে প্ৰায় ৩০-৩৫ মিনিট সময় থাকে। উল্লেখ্য যে, বিগত ১৪ মাৰ্চৰ নিশা প্ৰায় ১১.৩৫ বজাত ন্যায়াধীশ ভাৰ্মাৰ চৰকাৰী বাসগৃহত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে অভিযোগ উত্থাপন হৈছিল যে, ভাৰ্মাৰ বাসগৃহত বিপুল পৰিমাণৰ ধন উদ্ধাৰ হৈছে ।
ইয়াৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলে সেই স্থানত উপস্থিত হৈ জুই নিৰ্বাপন কৰে। ইয়াৰ পিছত ২২ মাৰ্চত ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই ন্যায়াধীশ ভাৰ্মাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ আভ্যন্তৰীণ তদন্তৰ বাবে তিনিজনীয়া এখন সমিতি গঠন কৰে।
দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত ভাৰ্মাই দিল্লী বাসগৃহত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছৰে পৰা বাতৰিৰ শিৰোনাম দখল কৰি আছে । বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰৰ লগতে জুই নিৰ্বাপন কৰাৰ সময়তে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীয়ে বৃহৎ পৰিমাণৰ আধা জ্বলি যোৱা নোটো উদ্ধাৰ কৰিছিল।
এই ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই তিনিজনীয়া পেনেল গঠন কৰিছে। অৱশ্যে এই গোচৰৰ ন্যায়াধীশ যশৱন্ত ভাৰ্মাই এই অভিযোগক কঠোৰভাৱে ধিক্কাৰ দি কয় যে তেওঁ বা তেওঁৰ পৰিয়ালৰ কোনো সদস্যই কেতিয়াও তেওঁৰ ঘৰৰ ষ্ট’ৰ ৰুমত নগদ ধন ৰখা নাছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ