আৰ জি কৰৰ ঘটনাৰ নৃশংসতাই সমগ্ৰ দেশ জোকাৰি গৈছে৷ মঙলবাৰে স্বতঃপ্ৰণোদিত গোচৰৰ শুনানিত ছুপ্ৰিম কৰ্টৰ পৰ্যবেক্ষণ, ‘এই নিৰ্যাতনৰ ঘটনাই মানুহৰ চেতনাক আঘাত কৰিছে৷ নিহত নিৰ্যাতিতাৰ নাম আৰু ছবি সামাজিক মাধ্যমত শ্বেয়াৰ কৰা হৈছে৷ দেশত আকৌ এটা ধৰ্ষণৰ বাবে অপেক্ষা কৰিব নেকি?’ এই প্ৰশ্ন তুলিছে দেশৰ প্ৰধান ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ে৷
আৰ জি কৰ কাণ্ডত দেশৰ প্ৰধান ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ৰ প্ৰশ্ন, ‘বিভিন্ন ক্ষেত্ৰত মহিলা যুক্ত হৈ থকাৰ সংখ্যা বাঢ়িছে৷ আমি আকৌ এবাৰ কোনো নাৰী ধৰ্ষণৰ স্বীকাৰ হোৱালৈ অপেক্ষা কৰি থকাটো উচিত নহ’ব৷ পৰিস্থিতি পৰিবৰ্তনৰ খুবেই প্ৰয়োজনীয়তা আহি পৰিছে৷’ বৰ্তমান যি সুৰক্ষা দিয়া হৈছে সেই সুৰক্ষা চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ বাবে পৰ্যাপ্ত নহয় বুলিও পৰ্যবেক্ষণত প্ৰকাশ কৰিছে মুখ্য ন্যায়াধীশে৷
বিগত ৯ আগষ্টত কলকাতাৰ আৰ জি কৰ হাস্পতালৰ ছেমিনাৰ হলত উদ্ধাৰ হৈছিল তৰুণী শিক্ষানবিশ চিকিৎসকৰ ক্ষতবিক্ষত দেহ৷ ধৰ্ষণ আৰু হত্যাৰ গোচৰো ৰুজু হৈছিল৷ কলকাতা আৰক্ষীয়ে এই ধৰ্ষণ আৰু হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল ছিভিক ভলণ্টিয়াৰক৷ এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ হৈছে সমগ্ৰ দেশত৷ নিহত নিৰ্যাতিতাৰ ন্যায়বিচাৰৰ দাবিত পথত নামিছে সাধাৰণ মানুহৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল৷
অপৰাধীৰ ফাঁছীৰ দাবীত সৰৱ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীও৷ এই ঘটনাত স্বতঃপ্ৰণোদিত গোচৰ তৰিছে ছুপ্ৰিম কৰ্টে৷ গোচৰৰ শুনানিত এই দিনটোত দেশৰ শীৰ্ষ আদালতৰ পৰ্যবেক্ষণ, ‘এই যৌন নৃশংসতাই মানুহৰ চেতনাক আঘাত কৰিছে৷ মুখ্য ন্যায়াধীশে লগতে ৰাজ্য চৰকাৰক প্ৰশ্ন কৰিছিল, আৰ জি কৰৰ প্ৰাক্তন অধ্যক্ষক ছাছপেণ্ড কৰা হৈছে নে নাই? তেতিয়া ৰাজ্য চৰকাৰে উত্তৰত জনাইছিল, তেওঁক ছুটীত পঠিওৱা হৈছে৷ হাস্পতাল ভাঙি চিঙি চূড়মাৰ কৰা হৈছে৷ এতিয়ালৈকে ৩৭জনক গ্ৰেপ্তাৰো কৰা হৈছে বুলি জনাইছে ৰাজ্যৰ আইনজীৱীয়ে৷ আগন্তুক ২২ আগষ্টলৈকে CBIক তদন্তৰ ষ্টেটাছ ৰিপৰ্ট জমা দিবলৈ নিৰ্দেশ দিছে শীৰ্ষ আদালতে৷ হাস্পতাল ভাঙি চুৰমাড় কৰা ঘটনাক লৈ কি পদক্ষেপ লোৱা হৈছে সেই সন্দৰ্ভতো ৰিপৰ্ট জমা দিব লাগিব শীৰ্ষ আদালতৰ ওচৰত৷ আগন্তুক ২৩ আগষ্টত পৰবৰ্তী শুনানি আছে৷
এই ঘটনাৰ তদন্ততেই কথা শেষ নহয় বুলিও জনাইছে ছুপ্ৰিম কৰ্টে৷ চিকিৎসকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে এটা টাস্ক ফৰ্ছ গঠনৰ নিৰ্দেশ দিছে দেশৰ শীৰ্ষ আদালতে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ