দুৰ্ঘটনাত হেৰুৱালে হাতৰ লগতে দুয়োখন ভৰি, বাকি থকা মাত্ৰ ৩টা আঙুলিৰে কৰি দেখুৱালে দেশৰ ভিতৰতে এয়া
মনৰ সাহস তথা শক্তি থাকিলে সকলো অসাধ্য কামেই সহজ হৈ পৰে। সকলো কামতেই প্ৰয়োজন কেৱল মনৰ একাগ্ৰতা। তেনেই এক অসাধ্য সাধন কৰি দেখুৱালে এগৰাকী যুৱকে।
হাজাৰ বাধা নেওচি, শাৰীৰিক অক্ষমতাকো শক্তি হিচাপেহে ব্যৱহাৰ কৰি, কৰি দেখুৱালে এক অনন্য কাম। সামাজিক মাধ্যমত পোহৰলৈ আহিছে তেনেই এক ঘটনা।
উত্তৰ প্ৰদেশৰ সুৰজ নামৰ এগৰাকী যুৱকে ২০১৭ চনত এক ৰেল দুৰ্ঘটনাত দুয়োখন ভৰিৰ লগতে এখন হাত হেৰুৱাই, লগতে আনখন হাতৰো দুটা আঙুলি হেৰুৱাই। বাকি থাকে কেৱল বাঁও হাতৰ তিনিটা আঙুলি।
কেইবামাহো সেই অসহ্য যন্ত্ৰনাৰ সৈতে বাস কৰি শেষত সেই তিনিটা আঙুলিৰেই কষ্ট কৰি মাত্ৰ এবাৰতেই সফলতাৰে উত্তীৰ্ণ হয় দেশৰ সৰ্বোচ্চ প্ৰশাসনিক সেৱাৰ পৰীক্ষা ইউ পি এছ চি।
তাকো পৰীক্ষাৰ প্ৰস্তুতিৰ সময়তে হেৰুৱাই নিজৰ ককায়েককো। কিন্তু তাৰ মাজতো অকনমানো বিচলিত নহৈ মন বান্ধি লয় ইউ পি এছ চি এবাৰতো ক্লিয়াৰ কৰাৰ কথা। আৰু সেই মতেই সকলো সমস্যা একাশৰীয়া কৰি মাথো কেইটামান মাহৰ প্ৰস্তুতিতে সফল হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ