১৩০০ বছৰ পূৰ্বৰ এখন যুদ্ধই আছিল ঈদ উদযাপনৰ কাৰণ…
পবিত্ৰ ৰমজান মাহৰ অন্ত পৰাৰ লগে লগে সমগ্ৰ বিশ্বৰ লাখ লাখ মুছলমানে ঈদ-উল-ফিতৰ উৎসৱৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। আজি আৰৱৰ লগতে মধ্য এছিয়াৰ অধিকাংশ দেশত আজিয়ে উদযাপন কৰা হয় ঈদ। কালিলৈ সমগ্ৰ ভাৰতৰ লগতে অসমতো উদযাপন হব ঈদ।
হিজৰী কেলেণ্ডাৰ (ইছলাম কেলেণ্ডাৰ) অনুসৰি ৰমজানৰ পাছত অহা দশমটো মাহৰ পাছত শ্বাৱালৰ পূৰ্বৰ দিনটোত ঈদ-উল-ফিতৰ পালন কৰা হয়। এইবাৰ ভাৰতত বৃহস্পতিবাৰ অৰ্থাৎ ১১ এপ্ৰিলত এই উৎসৱ পালন কৰা হ’ব।
কিয় পালন কৰা হয় ঈদ-
এই উৎসৱ প্ৰথমবাৰৰ বাবে ০২ হিজৰী অৰ্থাৎ ৬২৪ খ্ৰীষ্টাব্দত পালন কৰা হৈছিল। কোৱা হয় যে মক্কাৰ পৰা হজৰত মহম্মদৰ প্ৰব্ৰজনৰ পিছত পবিত্ৰ মদীনা চহৰত এই উৎসৱ আৰম্ভ হৈছিল।
সেই সময়ত হজৰত হজৰত মহম্মদে বদৰৰ যুদ্ধত জয়ী হৈছিল। ইছলামিক ইতিহাসৰ মতে, এই মাহতেই মুছলমানসকলে প্ৰথমখন যুদ্ধ কৰিছিল, যিখন যুদ্ধ সংঘটিত হৈছিল ছৌদি আৰৱৰ মদিনা প্ৰদেশৰ বদৰ চহৰত। সেয়েহে এই যুদ্ধক জং-ই-বদৰ বুলিও কোৱা হয়।
এই যুদ্ধত তেওঁলোকৰ বিজয়ৰ উদযাপনত মিঠাই পৰিবেশন কৰি সকলোৰে মুখ মিঠা কৰা হৈছিল, তেতিয়াৰ পৰাই এই দিনটো মীথি ঈদ বা ঈদ-উল-ফিতৰ হিচাপে পালন কৰা হয়। বদৰৰ যুদ্ধই ইছলামৰ প্ৰথম যুদ্ধ।
ৰোজা সম্পূৰ্ণ হোৱাৰ উদযাপনত আল্লাহৰ উপহাৰ ‘ঈদ’। ঈদ পালনৰ আন এটা ডাঙৰ কাৰণ আছে আৰু সেয়া হৈছে গোটেই ৰমজান মাহত পালন কৰা ৰোজা। এমাহৰ ৰোজা ৰখা আৰু আল্লাহৰ ইবাদত সম্পূর্ণ কৰাৰ বাবেও ঈদ পালন কৰা হয়।
কোৰানৰ মতে ঈদক আল্লাহৰ পৰা পোৱা পুৰস্কাৰৰ দিন বুলি গণ্য কৰা হয়। আজিৰ দিনটোত গোটেই এমাহ ৰোজা ৰাখি মুছলমানসকলে দিনৰ পোহৰত খাদ্য গ্ৰহণ কৰি উদযাপন কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ