অসম লাইভ২৪ঃ ধনীয়া পাত শীতকালত উপলব্ধ হয়। অসমীয়া মানুহে প্ৰায়সমূহ আঞ্জাতেই ধনীয়া পাত দিয়ে। ধনীয়াৰ সুগন্ধ বেয়া পোৱা মানুহ হয়তো কমেই আছে। কিন্তু কেৱল সোৱাদেই নহয় ধনীয়াৰ আছে বহুকেইটা গুণাগুণো।
ধনীয়া পাত কেৱল ৰন্ধন প্ৰকৰণতেই ব্যৱহাৰ হয় এনে নহয়। ছালাডতো ধনীয়া পাত প্ৰায়সংখ্যকেই ব্যৱহাৰ কৰে। এই পাতত ভিটামিন, মিনাৰেল, এণ্টিঅক্সিডেণ্ট, আয়ৰণ, কেলছিয়াম আদি থাকে। কেৱল পাতেই নহয় ধনীয়া গুটিও উপকাৰী। কিয়নো ধনীয়া গুটিত ভিটামিন-কে থাকে। এই ভিটামিন তেজৰ বাবে উপকাৰী। ইয়াৰোপৰি ধনীয়া পাতে বহুকেইটা ৰোগ নিৰাময়তো সহায় কৰে।
হাৰ্টৰ ৰোগীৰ বাবে ধনীয়া পাত উপকাৰী
হৃদৰোগীৰ সংখ্যা বিশ্বত দিনকদিনে বৃদ্ধি পাইছে। বহুসংখ্যক গৱেষকেই হৃদৰোগ সম্পৰ্কে গৱেষণাও চলাই আছে। এই গৱেষণাৰ অন্ততেই একাংশই প্ৰকাশ কৰা মতে ধনীয়া পাতে হৃদৰোগৰ সংক্ৰমণৰ আশংকা কমাই। ধনীয়া পাতত এনে কিছু উপাদান আছে যিয়ে কলষ্টেৰল কমায়। শৰীৰ সুস্থ ৰখাৰ বাবে খাদ্য তালিকাত ধনীয়া পাত প্ৰত্যেকেই ৰাখিব পাৰে।
বয়সৰ ভাৱ কমাই
ধনীয়া পাতত বহু পৰিমানে এণ্টিঅক্সিডেণ্ট থাকে। এই এণ্টিঅক্সিডেণ্টে বয়সৰ চাপ কমোৱাত সহায় কৰে। ইয়াৰোপৰি এণ্টিঅক্সিডেণ্টে কৰ্কটৰ আশংকাও কমাই।
চুগাৰ নিয়ন্ত্ৰমত সহায় কৰে
বৰ্তমান সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো ডায়বেটিছ ৰোগীৰ সংখ্যাই অভিলেখ গঢ়িছে। তেজত গ্লুকজৰ পৰিমান কমাবৰ বাবে দৈনিক খাদ্য তালিকাত ধনীয়া পাত ৰাখিব পাৰে। বিভিন্ন গৱেষণাৰ অন্তত গৱেষকে প্ৰকাশ কৰা অনুযায়ী চুগাৰ কমাবলৈ সহজ উপায় এটা হৈছে ধনীয়া পাত। কিন্তু এটা কথা ঠিক যে ধনীয়া পাত কেতিয়াও ভাজি খাব নালাগে। কিয়নো ভাজি খালে ধনীয়াৰ কোনো ঔষধি গুণাগুণ শৰীৰে লাভ নকৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ