বৰ্তমান সূৰ্যই অৱস্থান কৰিছে তুলা ৰাশিত৷ আগন্তুক ১৬ নৱেম্বৰত সূৰ্যই তুলা ৰাশি এৰি বৃশ্চিক ৰাশিত যাব৷ তাতেই পূৰ্বৰে পৰা অৱস্থান কৰিছে বুধে৷ বুধ আৰু সূৰ্যৰ মিলনৰ ফলত বৃশ্চিক ৰাশিত গঠিত হ’ব বুধাদিত্য ৰাজযোগ৷ ইয়াৰোপৰি সূৰ্যৰ গোচৰৰ ফলত সূৰ্য আৰু বৃহস্পতিৰ সমসপ্তক যোগ গঠিত হ’ব৷ এই দুই শুভ যোগৰ ফলত ২০২৪ চনৰ শেষৰ ফালে সৌভাগ্যপূৰ্ণ হ’ব কেইটামান ৰাশিৰ জাতকৰ বাবে৷ জ্যোতিষ গণনা অনুসৰি পাঁচ ৰাশিৰ জাতকে সূৰ্যৰ গোচৰৰ শুভ প্ৰবাৱত প্ৰচুৰ ধন সম্পদ লাভ কৰিব৷ জানি থওক এই তালিকাত কোন কোন ৰাশি আছে?
বৃষ ৰাশি
সূৰ্যৰ গোচৰৰ প্রভাৱত ১৬ নৱেম্বৰৰ পৰা ভাল সময় আহিব বৃষ ৰাশিৰ জাতকৰ৷ এই সময়ত চাকৰি আৰু ব্যৱসায়ত বৃহৎ উন্নতি কৰিব এই ৰাশিৰ জাতকে৷ দাম্পত্য জীৱনত প্ৰেম আৰু গভীৰ হ’ব৷ আৰ্থিক দিশত এই সময়ত উন্নতিৰ সুযোগ পাব৷ কাৰ্যালয়ত পৰিশ্ৰম কৰিলে তাৰ সুফল পাব৷ বিপৰীত লিংগৰ বন্ধুৰ পৰা লাভৱান হ’ব৷
কৰ্কট ৰাশি
সূৰ্যৰ গোচৰৰ ফলত কৰ্কট ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিতি শক্তিশালী হ’ব৷ এই সময়ত কৰ্মক্ষেত্ৰত আপুনি বৃহৎ সাফল্য পাব৷ কাৰোবাক ধন ধাৰলৈ দিলে এই সময়ত উভতাই পাব৷ নতুন কোনো কাম আৰম্ভ কৰিলে এই সময়ত লাভজনক ফল পাব৷ বিনিয়োগৰ পৰা আৰ্থিক লাভ হ’ব কৰ্কট ৰাশিৰ জাতকৰ৷ কাৰ্যালয়ত প্ৰভাৱ আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিতেই আগন্তুক ১৬ নৱেম্বৰত গোচৰ কৰিব সূৰ্যই৷ সূৰ্যই এই ৰাশিত অহাৰ পাছত ভাগ্য খুলিব বৃশ্চিকৰ জাতকৰ৷ এই সময়ত আপোনাৰ খ্যাতি আৰু প্ৰতিপত্তি বাঢ়িব বহুতৰেই৷ সমাজত সন্মান আৰু জনপ্ৰিয়তাও বৃদ্ধি পাব৷ চৰকাৰী চাকৰি পাব পাৰে বৃশ্চিক ৰাশিৰ জাতকে৷ সূৰ্যৰ প্ৰভাৱত স্বাস্থ্যও পূৰ্বতকৈ ভাল হ’ব৷
মকৰ ৰাশি
১৬ নৱেম্বৰৰ পাছত সূৰ্যৰ প্ৰভাৱত অফিচত বৃহৎ সাফল্য পাব পাৰে মকৰ ৰাশিৰ জাতকে৷ দাম্পত্য জীৱনত ভালপোৱা বাঢ়িব৷ সকলো কামতেই নিজৰ পৰিয়ালক কাষত পাব মকৰ ৰাশিৰ জাতকে৷ চাকৰিত পদোন্নতি পাব পাৰে৷ আপোনাৰ নেতৃত্ব দিয়াৰ ক্ষমতাৰ বাবে সৰ্বত্ৰতে প্ৰশংসিত হ’ব৷
কুম্ভ ৰাশি
২০২৪ চনৰ শেষ ভাগত সূৰ্যদেৱৰ আশীৰ্বাদ থাকিব কুম্ভ ৰাশিৰ জাতকৰ ওপৰত৷ এই সময়ত আপুনি নতুন ঘৰ বা বাহন কিনিব পাৰে৷ চৰকাৰী চাকৰি পোৱাৰ সুযোগ পাব৷ পিতৃ আৰু শিক্ষকৰ ওচৰত জৰুৰী সাহায্য লাভ কৰিব৷ আৰ্থিকভাৱে বৃহৎ উন্নতি কৰাৰ সুযোগ পাব কুম্ভ ৰাশিৰ জাতকে৷ ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ