ন্যায়ালয়ৰ ভিতৰতে হুকহুকাই কান্দি উঠে স্বাতী মালিৱাল, কোন দিশে গতি কৰিছে ঘটনাই !
আজি ন্যায়ালয়ত হোৱা এক শুনানি পৰ্যায়ত হঠাতে হুকহুকাই কান্দি উঠে স্বাতী মালিৱাল। দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত আপ ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালৰ সৈতে হোৱা আক্ৰমণৰেই এক শুনানি আছিল আজি।
সেই মাৰপিটৰ ঘটনাৰেই অভিযুক্ত বিভৱ কুমাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱাৰ পিছত আজি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পি এ বিভৱ কুমাৰে দাখিল কৰা জামিন আবেদনৰ শুনানি তিছ হাজাৰী আদালতত অনুষ্ঠিত হয়। এই সময়ছোৱাত আদালতৰ কক্ষত স্বাতী মালিৱালও উপস্থিত আছিল। শুনানিৰ সময়তে হঠাতে কান্দি উঠে স্বাতীয়ে।
বিভৱ কুমাৰৰ জামিন আবেদনৰ শুনানি আজি তিছ হাজাৰী আদালতৰ ১১৯ নম্বৰ কোঠাত আছিল। ইয়াৰ মাজতে বিভৱ কুমাৰৰ অধিবক্তা হৰি হৰণে মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ স্বাতী মালিৱালৰ অহাক বেদখল বুলি অভিহিত কৰে। ইয়াৰ সমান্তৰালকৈ তেওঁ এফআইআৰৰ আইপিচিৰ ৩০৮ নং ধাৰাত প্ৰশ্ন উত্থাপন কৰে।
এই সময়ছোৱাত যেতিয়া আদালত কক্ষত মুখ্যমন্ত্ৰীৰ বাসগৃহৰ ভিডিঅ’ দেখুওৱা হৈছিল, তেতিয়া স্বাতী মালিৱালে চকুপানী নিয়ন্ত্ৰণ কৰিব নোৱাৰি শুনানিৰ মাজতে কান্দিবলৈ আৰম্ভ কৰে।
দিল্লী আৰক্ষীৰ হৈ হাজিৰ হোৱা অধিবক্তাই আদালতত স্বাতীৰ হৈ যুক্তি দিছিল যে এগৰাকী অকলশৰীয়া মহিলাক মাৰপিট কৰা হৈছে। মুখ্যমন্ত্ৰীৰ বাসগৃহত টানি লৈ গৈ আঘাত কৰা হৈছে , ইয়াৰ ফলত যদি স্বামীৰ মৃত্যু হ’ল হেঁতেন?
অৰবিন্দ কেজৰিৱালৰ পি এ বিভৱ কুমাৰৰ অধিবক্তাগৰাকীয়ে আদালতত কয় যে যিটো ভিডিঅ’ পোহৰলৈ আহিছে, সেই সময়ত স্বাতী মালিৱালে চাৰ্ট পিন্ধা নাছিল বুলি স্পষ্টকৈ দেখা গৈছে, সেয়েহে মাৰপিটৰ সময়ত চাৰ্টৰ বুটাম ভাঙি যোৱাৰ অভিযোগ মিছা। লগতে বিভৱ কুমাৰৰ অধিবক্তাই ইয়াকো কয় যে, চিচিটিভি কেমেৰা নথকাৰ বাবেই স্বাতী মালিৱালে ইচ্ছাকৃতভাৱে অন্য ঠাইৰসলনি চিএম হাউছৰ ড্ৰয়িং এৰিয়া বাছি লৈছিল।
উল্লেখ্য যে, আপৰ ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালে অৰবিন্দ কেজৰিৱালৰ পি এ বিভৱ কুমাৰৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ উত্থাপন কৰিছে। অভিযোগ অনুসৰি, ১৩ মে’ৰ দিনা স্বাতী মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হোৱাৰ সময়ত ড্ৰয়িং এৰিয়াত বহি আছিল। সেই সময়ছোৱাত মুখ্যমন্ত্ৰীৰ পি এ বিভৱ কুমাৰে তালৈ আহি স্বাতীৰ সৈতে বেয়া আচৰণ কৰিবলৈ ধৰে। মাৰপিটো কৰে স্বাতীক। যাৰ পিছতে স্বাতীয়ে দিল্লী আৰক্ষীৰ ওচৰত গোচৰ তৰকে আৰু দিল্লী আৰক্ষীয়ে ১৮ মে’ দিনা বিভৱ কুমাৰক গ্ৰেপ্তাৰ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ