ভাৰতীয় বলাৰৰ হাতত ধৰাশায়ী আয়াৰলেণ্ড, ৫০ ৰানতে হেৰুৱাই ৮ উইকেক, ৯৬ ৰানত অলআউট১
ভাৰতীয় ধুৰন্ধৰ বলাৰৰ হাতত একেবাৰে ধৰাশায়ী হৈ পৰিছে আয়াৰলেণ্ডৰ ক্ৰিকেটাৰ। মাত্ৰ ৫০ ৰানতে হেৰুৱাই ৮ টা কৈ উইকেট। ১০০ ৰানো সম্পূৰ্ণ কৰিব নোৱাৰে আয়াৰলেণ্ডৰ দলটোৱে।
১৬ অভাৰত ৯৬ ৰান কৰি কেউটা উইকেট হেৰুৱাই আয়াৰলেণ্ড দলটোৱে।
আজি ভাৰতে টি-২০ বিশ্বকাপ ২০২৪ৰ অষ্টমখন খেলত গ্ৰুপ এত আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলি আছে। খেলখন নিউয়ৰ্কৰ নাছাউ কাউন্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। টিম ইণ্ডিয়াই জয়েৰে প্ৰতিযোগিতাখন আৰম্ভ কৰিব বিচাৰিছে। অৱশ্যে আয়াৰলেণ্ড দলটো এই ক্ষেত্ৰত ভাৰতৰ তুলনাত দুৰ্ৱল দল।
টছত জিকি ভাৰতে আয়াৰলেণ্ডক প্ৰথমে বেট ধৰাৰ বাবে আহ্বান জনাই। দলটোৱে ৫০ ৰানটে হেৰুৱাই ৮ টাকৈ উইকেট। ভাৰতীয় বলাৰৰ হাতত একেবাৰে ধৰাশায়ী হৈ পৰে আয়াৰলেণ্ডৰ ক্ৰিকেটাৰ সকল।
১২ নং অভাৰত আয়াৰলেণ্ডে ৫০ ৰান সংগ্ৰহ কৰি ৮ নম্বৰ উইকেটতো হেৰুৱাই। প্ৰথম অভাৰতে অক্ষৰ পেটেলে এটা উইকেট দখল কৰে। তেওঁ নিজৰ বলত বেৰী মেককাৰ্থীৰ কেচ লয়।
আজিৰ খেলখনত দল দুটাত আছে-
ভাৰতঃ ৰোহিত শৰ্মা (অধিনায়ক), বিৰাট কোহলী, ঋষভ পন্ত (উইকেটকীপাৰ), সূৰ্যকুমাৰ যাদৱ, শিৱম ডুবে, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, যশপ্ৰীত বুমৰাহ, আৰ্শদীপ সিং, মহম্মদ ছিৰাজ।
আয়াৰলেণ্ড: পল ষ্টাৰলিং (অধিনায়ক), এণ্ড্ৰু বালবিৰ্নি, লৰ্কান টাকাৰ (wk), হেৰী টেক্টৰ, কাৰ্টিছ কেম্ফাৰ, জৰ্জ ডক্ৰেল, গেৰেথ ডেলানি, মাৰ্ক এডেয়াৰ, বেৰী মেককাৰ্থী, জোছুয়া লিটল, বেঞ্জামিন হোৱাইট।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ